গাড়ী ৰখাবলৈ দিয়া ট্ৰাফিক পুলিচক খুন্দিয়াই ৪০০ মিটাৰ দূৰলৈ লৈ গ’ল এখন গাড়ীয়ে, চিচিটিভিত বন্দী ভয়ংকৰ দৃশ্য

News18 Assam | News18-Assam
Updated:October 15, 2020, 12:35 PM IST
গাড়ী ৰখাবলৈ দিয়া ট্ৰাফিক পুলিচক খুন্দিয়াই ৪০০ মিটাৰ দূৰলৈ লৈ গ’ল এখন গাড়ীয়ে, চিচিটিভিত বন্দী ভয়ংকৰ দৃশ্য
ব্যস্ত ৰাজপথত দ্ৰুতবেগত গাড়ী চলাইছিল ধৃত যুৱকজনে। গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিয়া কনিষ্টবলজনক খুন্দা মাৰি কিছু দূৰলৈ ঠেলি নি পেলাই থৈ যায় গাড়ীখনে।

ব্যস্ত ৰাজপথত দ্ৰুতবেগত গাড়ী চলাইছিল ধৃত যুৱকজনে। গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিয়া কনিষ্টবলজনক খুন্দা মাৰি কিছু দূৰলৈ ঠেলি নি পেলাই থৈ যায় গাড়ীখনে।

  • Share this:
দিল্লীৰ কেণ্টনমেণ্ট অঞ্চলৰ এক গাৰ নোম শিয়ৰি উঠা দৃশ্য! এজন ট্ৰাফিক কনিষ্টবলক প্ৰায় খুন্দিয়াই প্ৰায় ৪০০ মিটাৰ দূৰলৈ লৈ গ’ল এখন বাহনে। বনেটৰ ওপৰত কোনোমতে কিছু সময় থকাৰ পিছত বাগৰি পৰে আৰক্ষীৰ জোৱানজন। সৌভাগ্যক্ৰমে ব্যস্ত ৰাজপথত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল জোৱানজন। ট্ৰাফিক কনিষ্টবলজনক পেলাই গাড়ীসহ পলায়নৰ চেষ্টা চলায় চালকে। কিন্তু কিছু দূৰত নিলগত চালকজনক কৰায়ত্ত কৰে জনসাধাৰণৰ লগতে ট্ৰাফিক আৰক্ষীয়ে।

ব্যস্ত ৰাজপথত দ্ৰুতবেগত গাড়ী চলাইছিল ধৃত যুৱকজনে। গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিয়া কনিষ্টবলজনক খুন্দা মাৰি কিছু দূৰলৈ ঠেলি নি পেলাই থৈ যায় গাড়ীখনে। ঘটনা দেখি আতংকিত হৈ পৰে ৰাজপথত থকা অন্য লোকসকল। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত চালকজনৰ নাম শুভম। দিল্লীৰ উত্তম নগৰৰ বাসিন্দা।


গাড়ীত শুভমৰ লগতে আছিল এজন বন্ধু। ধৃত চালক শুভমৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৬, ২৭৯ আৰু ৩৩৭ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত।
Published by: Sanjay Kumar Das
First published: October 15, 2020, 12:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading