• Home
  • »
  • News
  • »
  • nation
  • »
  • CCTV: সাংঘাতিক! গাড়ী ৰখাবলৈ যোৱা ট্ৰেফিকক এনেদৰে লৈ গ’ল যুৱকে, চাওক Video

CCTV: সাংঘাতিক! গাড়ী ৰখাবলৈ যোৱা ট্ৰেফিকক এনেদৰে লৈ গ’ল যুৱকে, চাওক Video

গাড়ীৰ বনেটৰ ওপৰত কোনো মতে কিছুসময় নিজকে ধৰি ৰাখিলে আৰক্ষী কনিষ্টবলজনে।

গাড়ীৰ বনেটৰ ওপৰত কোনো মতে কিছুসময় নিজকে ধৰি ৰাখিলে আৰক্ষী কনিষ্টবলজনে।

গাড়ীৰ বনেটৰ ওপৰত কোনো মতে কিছুসময় নিজকে ধৰি ৰাখিলে আৰক্ষী কনিষ্টবলজনে।

  • Share this:
দিল্লীৰ কণ্টেইনমেণ্ট অঞ্চলৰ আচৰিত ভিডিঅ’। এজন ট্ৰেফিক কনিষ্টবলক প্ৰায় ৪০০ মিটাৰ দূৰত্ব গাড়ীত এনেদৰেই লৈ গ’ল গাড়ীখনৰ চালকজনে। গাড়ীৰ বনেটৰ ওপৰত কোনো মতে কিছুসময় নিজকে ধৰি ৰাখিলে আৰক্ষী কনিষ্টবলজনে। শেষত বনেটৰ ওপৰৰ পৰা হঠাত্‍ ৰাস্তাত পৰি যায় কনিষ্টবলজন।

বহুসময়ত ব্ৰেক মাৰি গাড়ীখনৰ চালকজনে আৰক্ষী কনিষ্টবল জনক গাড়ীৰ পৰা পেলাই দিবলৈ চেষ্টা কৰিছিল। কিন্তু পিছত স্থানীয় লোক আৰু অন্য ট্ৰেফিক পুলিচৰ সহায়ত অভিযুক্ত চালকজনক ৰখাবলৈ সক্ষম হয়।



অত্যন্ত দায়িত্বহীন ভাবে গাড়ী চলাইছিল অভিযুক্ত যুৱকজনে। সেইসময়তে চালকজনক ৰখাবলৈ চেষ্টা কৰে আৰক্ষীজনে। কিন্তু গাড়ীখন ৰখাবলৈ চেষ্টা কৰোতেই কনিষ্টবলজন গাড়ীখনৰ বনেটৰ ওপৰত পৰি যায়। আৰু আৰক্ষীজন পৰি যোৱাৰ পিছতো তেনেকৈয়ে গাড়ীখন চলাই লৈ যায় চালকজনে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত চালকজনৰ নাম শুভম বুলি জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published: