TOYCATHON 2021 | ভাৰতক বিশ্বৰ পুতলা উৎপাদনকাৰী কেন্দ্ৰৰূপে গঢ় দিয়াৰ কেন্দ্ৰৰ প্ৰয়াস

যোৱা ৫জানুৱাৰীত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখৰিয়াল নিশাংক আৰু হস্ততাত আৰু মহিলা তথা শিশু বিকাশ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে উদ্বোধন কৰা Toycathon 2021ৰ উদ্দেশ্য হৈ দেশৰ মূল্যবোধৰ সৈতে সংগতি ৰাখি সৃজনীমূলক পুতলা উৎপাদনত উৎসাহ প্ৰদান কৰা।

- News18 Assam
- Last Updated: January 19, 2021, 12:47 PM IST
এই উদ্যোগক প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয় কয়, এইটো এনে ধৰণৰ প্ৰথমবাৰৰ প্ৰয়াস য’ত স্কুলৰ শিক্ষাৰ্থীসকলে সৃজনীশীলতাৰে পুতলাসমূহ ডিজাইন কৰি সাজিব পাৰিব।
তেওঁ কয় যে, ভাৰতে প্ৰয়োজনৰ ৮০শতাংশ পুতলা আমদানি কৰে আৰু চৰকাৰে দেশীয় পুতলা নিৰ্মানৰ প্ৰোৎসাহন দিবলৈ চেষ্টা কৰি আছে। এই দিশত যাতে দেশ আত্মনিৰ্ভৰ হ’ব পাৰে তাৰ কাৰণে চেষ্টা চলাই থকা হৈছে।
এই অনুষ্ঠানৰ গ্ৰেণ্ড ফাইনেল ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব।
ইয়াত দুটা শাখা ৰখা হৈছে এটা হৈছে অনলাইন পুতলা আৰু আনটো হৈছে সন্মুখত মূৰ্ত পুতলা।
উল্লেখ্য যে, টয়কাথন হৈছে ছটা কেন্দ্ৰীয় মন্ত্ৰালয়ে সন্মিলিতভাৱে উদ্যোগ লৈ আয়োজন কৰা প্ৰয়াস য’ত মুঠ ৯টা থীম প্ৰমট কৰা হ’ব জুনিয়ৰ লেভেল প্ৰতিযোগী, ছিনিয়ৰ লেভেল প্ৰতিযোগী আৰু ষ্টাৰ্ট আপ তথা প্ৰফেচনেল লেভেলক।