• Home
  • »
  • News
  • »
  • nation
  • »
  • Google Map অনুসৰণ কৰি অচিনাকি ঠাইলৈ যায় নেকি? হ’ব পাৰে এনে বিপৰ্যয়!

Google Map অনুসৰণ কৰি অচিনাকি ঠাইলৈ যায় নেকি? হ’ব পাৰে এনে বিপৰ্যয়!

Google Map বৰ্তমান সময়ত কোনো অচিনাকি ঠাইলৈ যাবলৈ পথ বিচৰাৰ উত্তম পদ্ধতি। গুগল মেপ অন কৰি আৰম্ভ হয় যাত্ৰা।

Google Map বৰ্তমান সময়ত কোনো অচিনাকি ঠাইলৈ যাবলৈ পথ বিচৰাৰ উত্তম পদ্ধতি। গুগল মেপ অন কৰি আৰম্ভ হয় যাত্ৰা।

Google Map বৰ্তমান সময়ত কোনো অচিনাকি ঠাইলৈ যাবলৈ পথ বিচৰাৰ উত্তম পদ্ধতি। গুগল মেপ অন কৰি আৰম্ভ হয় যাত্ৰা।

  • Share this:
অচিনাকি ঠাইলৈ গ’লে বা যোৱাৰ পৰিকল্পনা কৰিলে প্ৰথমেই মনলৈ আহে ৰাস্তাৰ কথা। কোন পথেৰে যাব বা কোনফালে গ’লে সুবিধা হ’ব এইবোৰ চিন্তা কৰোতে বহু সময় যায়। তেতিয়াই আমাৰ মনলৈ আহে Google Mapৰ কথা। Google Map বৰ্তমান সময়ত কোনো অচিনাকি ঠাইলৈ যাবলৈ পথ বিচৰাৰ উত্তম পদ্ধতি। গুগল মেপ অন কৰি আৰম্ভ হয় যাত্ৰা। ধাৰণা হয়, অত্যন্ত দক্ষ কোনোৱে পথ দেখুৱাই গৈ আছে। কিন্তু সেই মেপে যেতিয়া অদক্ষতাৰ পৰিচয় দিয়ে তেতিয়া কি হ’ব ভাবিছেনে?

তেনে এখ ঘটনাৰে সাক্ষী হ’ল দুই পৰ্যটক। এজন জাৰ্মানীৰ আৰু আনজন আহিছিল উত্তৰাখণ্ডৰ পৰা। তেওঁলোকৰ যাত্ৰাৰ লক্ষ্য আছিল ৰাজস্থানৰ উদয়পুৰ। Google Mapৰ নিৰ্দেশনা অনুসৰি যাত্ৰা কৰাৰ পৰিকল্পনা আধাতে শেষ হোৱাৰ উপক্ৰম হ’ল।

কাৰ্টক (Cartoq) নামৰ এটা ৱেবছাইটত এই খবৰ প্ৰকাশিত হৈছে। তাত পৰ্যটক দুজন যি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল তাৰ বিৱৰণ দিয়া হৈছে।

কি হৈছিল?

এখন গ্ৰেণ্ড আই–২০ গাড়ীত দুয়োজন পৰ্যটকে উদয়পুৰলৈ গৈছিল। ৰাজস্থানৰ মেনাৰৰ কাষ পোৱাত গুগল মেপত আন এটা পথৰ সন্ধান পায়। সেই পথটোৰে গ’লে সোনকালে গন্তব্য স্থান পাব বুলি দেখুৱাইছিল এপটোত। সেই মতেই নতুন পথটোৰে যাত্ৰা কৰে তেওঁলোকে। আৰু তাতেই লাগিল অথন্তৰ।

প্ৰথমতে পথটো প্ৰায় ভাল আছিল যদিও যিমান আগুৱাই গ’ল সিমানে বেয়া কদৰ্যময় পালে পথটো। সৰু সেই পথটোৰে খোজ কাঢ়ি যোৱাটোও কঠিন বুলি জনা গৈছে। ক’ৰবাত যদি পানী, ক’ৰবাত বোকা, ক’ৰবাত আকৌ গাঁত। এটা স্থানত গাড়ীখন আবদ্ধ হৈ পৰে। আৰু আগুৱাব নোৱাৰিলে।

তাৰ পিছত দুই পৰ্যটকে তেওঁলোকৰ এজন বন্ধুক খবৰ দিয়ে। তেওঁ াহি এখন ট্ৰেক্টৰ যোগাৰ কৰি গাড়ীখন টানি তোলে। সেই পথটো কিদৰে সঠিক বুলি দাবী কৰে Google Map–এ, সমালোচনা এতিয়া তাক লৈ!
Published by:Sanjay Kumar Das
First published: