৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে যুৱকে

ৰউফৰ সাহসিকতাক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে।

news18assam
Updated:June 2, 2019, 10:11 AM IST
৭ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজেই জীৱন দিলে যুৱকে
ৰউফৰ সাহসিকতাক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে।
news18assam
Updated: June 2, 2019, 10:11 AM IST
প্ৰকৃতিৰ ৰাণী কাশ্মীৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। অনন্তনাগ জিলাৰ পহলগামত নাও ডুবি নৈত উটি গৈছিল ৭গৰাকী পৰ্যটক। এই ঘটনা প্ৰত্যক্ষ কৰি পৰ্যটককেইজনক উদ্ধাৰ কৰিবলৈ নৈত জাঁপ দিলে এজন যুৱকে। আটাইকেইজন পৰ্যটকক উদ্ধাৰ কৰাৰ পিছত যুৱকজন নিজেই উটি গ’ল পানীৰ কোবাল সোঁতত। লিড্ডৰ নৈত সংঘটিত হয় এই কৰুণ ঘটনা। মৃত যুৱকজনৰ নাম ৰউফ আহমেদ। টুৰিষ্ট গাইড হিচাপে কাম কৰিছিল ৰউফে।

বৃহস্পতিবাৰে নৈখনত ব’টিং কৰিবলৈ গৈছিল পৰ্যটকৰ দলটো। নৈৰ প্ৰচণ্ড সোঁতত ডুব গৈছিল পৰ্যটকৰ নাওখন। সেই সময়তে নিজৰ জীৱনকো তুচ্ছ কৰি পৰ্যটকসকলক উদ্ধাৰৰ বাবে নৈত জাঁপ দিছিল টুৰিষ্ট গাইড ৰউফ আহমেদে। কোনোমতে আটাইকেইজন পৰ্যটকৰ জীৱন ৰক্ষা কৰিলে যদিও নিজে নৈত ডুবি মৃত্যুক সাবটি ল’লে ৰউফে।

ঘটনা সংঘটিত হোৱাৰ পিছদিনা এছ ডি আৰ এফৰ দলে উদ্ধাৰ কৰে ৰউফৰ মৃতদেহ। ভৱানী দলঙৰ তলত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। অনন্তনাগৰ উপায়ুক্ত খালিদ জাহাংগীৰে জনোৱা অনুসৰি ৰউফৰ সাহসিকতাক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে। উল্লেখযোগ্য যে ৰউফে উদ্ধাৰ কৰা পৰ্যটকসকলৰ ভিতৰত আছে দুগৰাকী বিদেশী পৰ্যটকো। ‘জনসত্তা’ত প্ৰকাশ পাইছে এই খবৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি