বিগত ১৮ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈকে হিমাচল প্ৰদেশৰ ধৰ্মশালাত ৰাজ্যিক পৰ্যটন মন্ত্ৰীসকলৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়। উক্ত সন্মিলনত অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাইও অংশগ্ৰহণ কৰে। জানিব পৰা মতে সন্মিলনখনত অংশগ্ৰহণৰ বাবে দেওবাৰে পুৱাই অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ধৰ্মশালাত উপস্থিত হয়।
কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ অধ্যক্ষতাত অনুষ্ঠিত সকলো ৰাজ্যৰ তেওঁৰ সমকক্ষ মন্ত্ৰীসকলৰ সৈতে দেওবাৰে আবেলি প্ৰথমখন বৈঠকত মন্ত্ৰী বৰুৱাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে 'সদগুৰু'ৰূপে জ্ঞাত যোগগুৰু জগদীশ “জাগ্গী" বাসুদেৱৰ সৈতেও বাৰ্তালাপ কৰিছিল। টুইটাৰযোগে মন্ত্ৰীগৰাকীয়ে সদগুৰুৰ সৈতে হোৱা কথোপকথন সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয় যে পৰ্যটনক্ষেত্ৰখনত যোগগুৰুৰ জ্ঞান অত্যন্ত প্ৰশংসনীয়।
দ্বিতীয় দিনা ৰাতিপুৱা মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী তথা বিশিষ্ট ব্যক্তিসকলক হাতেৰে বোৱা অসম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মা কামাখ্যা মন্দিৰৰ অনুকৃতি, অসমৰ প্ৰামাণিক চাহপাত উপহাৰ হিচাপে আগবঢ়ায়। সন্ধিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ পৰ্যটন খণ্ডৰ বিভিন্ন দিশ সম্পৰ্কে সাজি উলিওৱা প্ৰেজেণ্টেচন প্ৰদান কৰে য'ত তেওঁ অসমৰ পৰ্যটন খণ্ডৰ পৰিসৰৰ ওপৰত আলোকপাত কৰে আৰু স্থানীয় আৰু বহিঃকেন্দ্ৰৰ পৰ্যটকসকলক এক সন্তোষজনক অভিজ্ঞতা প্ৰদান কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বিষয়ে বৰ্ণনা কৰে।
সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ধৰণৰ মন্ত্ৰী সন্মিলন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু পৰ্যটনৰ পৰিসৰ সম্পৰ্কে বুজিবলৈ আৰু মতবিনিময় কৰিবলৈ এই ধৰণৰ সন্মিলন অনুষ্ঠিত হ'ব লাগে। ইয়াৰ জৰিয়তে আন ৰাজ্যৰ সফল পৰ্যটন আৰ্হিৰ বিষয়ে জনাৰ সুযোগ প্ৰদান কৰাৰ লগতে উপযুক্ত আৰ্হিসমূহ প্ৰয়োজন সাপেক্ষে গ্ৰহণ কৰিব পাৰি বুলিও কয়।
এই সন্মিলনত পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভট্ট আৰু শ্ৰীপদ নায়ক, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ, আইটিডিচিৰ অধ্যক্ষ সম্বিত পাত্ৰ, ভাৰত চৰকাৰৰ সচিব( পৰ্যটন ) অৰবিন্দ সিং, ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব ( পৰ্যটন )ৰাকেশ কুমাৰ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অন্যান্য সন্মানীয় গণ্যমান্য ব্যক্তি সকলে অংশগ্ৰহণ কৰে। সন্মিলনখনত ভাৰ্চুৱেলি উপস্থিত থকা আন ব্যক্তিসকলৰ ভিতৰত আছিল কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱ, ব্যৱসায়িক টাইকুন আনন্দ মহিন্দ্ৰা, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু অমিতাভ কান্ত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|