COVID-19 Vaccination: কোৰোণা টীকা লৈ দেশত ৪৪৭জনৰ পাৰ্শ্বক্ৰিয়া, ৩জনক হাস্পতালত ভৰ্তি

অৱশ্যে অসমত এইপৰ্যন্ত গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ খবৰ নাই।
অৱশ্যে অসমত এইপৰ্যন্ত গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ খবৰ নাই।
- News18 Assam
- Last Updated: January 18, 2021, 4:21 PM IST
কোৰোণাৰ ভেকচিন লৈ সমগ্ৰ দেশত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ খবৰ পোৱা গৈছে। দিল্লীত ৫২জন স্বাস্থ্যকৰ্মী আক্ৰান্ত হৈছে এই প্ৰতিক্ৰিয়াত। একাংশ স্বাস্থ্যকৰ্মীৰ মাজত এলাৰ্জিক ৰিয়েকচন আৰম্ভ হোৱাৰ লগতে একাংশই নাৰ্ভাচ হোৱাৰ কথা উল্লেখ কৰিছে। প্ৰথম দুদিনত মুঠ ২,২৪,৩০১জনক ভেকচিন দিয়া হৈছে।
দিল্লীৰ স্বাস্থ্যমন্ত্রীয়ে জনায়, ১৬জানুৱাৰীত টীকাকৰণৰ পিছত ৫১জন স্বাস্থ্যকৰ্মীৰ মাজত সৰু–সুৰা সমস্যা দেখা গৈছিল। তাৰ মাজত এজনৰ অৱস্থা কিছু গুৰুতৰ হোৱাৰ কাৰণে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। ২০বছৰীয়া এই এইমছৰ নিৰাপত্তাৰক্ষীজনে ভেকচিন লোৱাৰ ১৫ৰ পৰা ২০ মিনিটৰ ভিতৰত এলাৰ্জীৰ সমস্যাত ভোগে।