মমতা বেনাৰ্জীয়ে মোদীক কিয় পঠিয়াইছিল মিঠাই আৰু কুৰ্টা? অক্ষয় কুমাৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ অৰাজনৈতিক সাক্ষাৎকাৰ।

বিৰোধীৰ সৈতে আন্তৰিক সম্পৰ্কৰ পৰা আদি কৰি আম খাই ভালপোৱাৰ কথা, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিগত জীৱন সন্দৰ্ভত ক’লে বহু কথাই।

Dulu Medhi | news18assam
Updated:April 24, 2019, 12:59 PM IST
মমতা বেনাৰ্জীয়ে মোদীক কিয় পঠিয়াইছিল মিঠাই আৰু কুৰ্টা? অক্ষয় কুমাৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ অৰাজনৈতিক সাক্ষাৎকাৰ।
#AkshaySpeaksToModi
Dulu Medhi | news18assam
Updated: April 24, 2019, 12:59 PM IST
নিৰ্বাচনী বতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ব্যক্তিক্ৰম সাক্ষাৎকাৰ। ৰাজনীতিৰ পৰা আঁতৰি  অভিনেতা অক্ষয় কুমাৰৰ সৈতে এই সাক্ষাৎকাৰত ব্যক্তিগত জীৱনৰ কথা খুলি ক’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিৰোধীৰ সৈতে আন্তৰিক সম্পৰ্কৰ পৰা আদি কৰি ফলৰ ৰজা আমৰ প্ৰতি থকা তেওঁৰ দুৰ্বলতালৈকে সকলো ক’লে তেওঁ। মোদীয়ে কয় শ্বেখ হাছিনা আৰু মমতা বেনাৰ্জীৰ পৰা নিয়মীয়াকৈ উপহাৰ পাই আহিছে তেওঁ।

এই সাক্ষাৎকাৰৰ ৫টা বিশেষ পইণ্টঃ

১. মোৰ মনত কেতিয়াও প্ৰধানমন্ত্ৰী হোৱাৰ ভাব অহা নাছিল আৰু সাধাৰণ লোকৰ মনত এনেকুৱা ধৰণৰ ভাব অহাৰ কোনো কাৰণো নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে মোৰ পৰিয়ালটো এনেকুৱা যে মই যদি এটা সৰু চাকৰিও পাওঁ তেনেহ’লে মায়ে গোটেই গাঁৱত গুৰ বিলায়।

২. মই সেনাত যোগ দি দেশৰ প্ৰতি সেৱা আগবঢ়াব বিচাৰিছিলো। ১৯৬২ চনৰ যুদ্ধৰ সময়ত মই মেহছানা ষ্টেচনত সৈনিকসকলক ৰে’লত উঠা চাই আছিলো। মোক তেওঁলোকৰ বলিদানে প্ৰেৰণা যোগাইছিল।

৩. নিৰ্বাচনৰ সময়ছোৱাত এই কথাই হয়তু প্ৰভাৱ পেলাব পাৰে কিন্তু মই এইটো স্বীকাৰ কৰিবই লাগিব যে মমতা বেনাৰ্জীয়ে এতিয়াও মোক কুৰ্টা উপহাৰ হিচাপে প্ৰদান কৰে। যেতিয়া মমতা বেনাৰ্জীয়ে গম পালে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মোক বাঙালী  মিঠাই উপহাৰ দিয়ে, তেতিয়া মমতা বেনাৰ্জীয়েও একেধৰণৰ মিঠাই উপহাৰ হিচাপে পঠোৱা আৰম্ভ কৰিলে।

৪, মোৰ সোনকালে খং নুঠে আৰু এই কথাটোৱে বহুতক আচৰিত হ’বলৈ বাধ্য কৰায় কাৰণ খং উঠাটো মানুহৰ স্বভাৱ। মই যিসকল লোকৰ সৈতে কাম কৰো বা কৰিবলগীয়া হ’ব পাৰে তেওঁলোকৰ ওপৰত খং কৰাৰ কোনো কাৰণে নাথাকে। মই কঠোৰ কিন্তু সেইটোক খং কৰা নুবুজায়।

৫. অৱসৰৰ পিছত কি কৰিম মই সেইটো কেতিয়াও ভবা নাই। মই সদায়ে কিবা নহয় কিবা কৰাৰ দায়িত্ব গ্ৰহণ কৰি আহিছো। সেইকাৰণে মই নিশ্চিত যে মই নিজৰ বাবে কিবা এটা উলিয়াই ল’ম।

আৰু চাওক পৰৱৰ্তী বাতৰি