শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে সম্বোধন কৰা সংবাদ মেলখনত টোলগেট সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীজনে।
কেন্দ্ৰীয় পথ পৰিৱহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে, বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ পৰা কৰ সংগ্ৰহৰ ক্ষেত্ৰত প্ৰচলিত হৈ থকা ফাষ্টটেগৰ পৰিৱৰ্তে টোল গেটত বাহনৰ নাম্বাৰ প্লেটৰ জৰিয়তে শীঘ্ৰেই মাচুল সংগ্ৰহৰ পৰিকল্পনা কৰিছে বিভাগে।
তেওঁ এই কথা উল্লেখ কৰি কয় যে, শীঘ্ৰেই নতুন ডিজিটেল পদ্ধতিৰে টোল গেটত টোল সংগ্ৰহ কৰা হ'ব।
টোল গেটৰ মাচুল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীজনে কয়, "যদি ভাল সুবিধা লাগে টকা দিবই লাগিব"।
মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে টোলৰ পৰা সংগ্ৰহ কৰা ধনৰাশিৰ জৰিয়তে অন্য উন্নয়নমূলক কাম কৰা হ'ব।
তদুপৰি, মন্ত্ৰী গাডকাৰীয়ে কয় যে, অসমত ২৪ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম চলি আছে। সমগ্ৰ উত্তৰঃ পূবৰ কেইবা হাজাৰ কোটি টকাৰ কাম চলি আছে। আগন্তুক ২০২৪ ৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
তেওঁ কয় যে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে। প্ৰকল্পৰ কাম সম্পূৰ্ণ হলে উত্তৰ পূৰ্বাঞ্চলৰ নক্সা সলনি হ'ব। ইতিমধ্যে, কেইবাটাও লজিষ্টিক পার্ক নিৰ্মাণৰ কামো চলি আছে। তদুপৰি, উত্তৰ পূৱত চলি আছে ৩৫ টা ৰ'পৱে নিৰ্মাণৰ কাম। ইয়াৰ ভিতৰত অসমত হ'ব 5 টা ৰ'পৱে। লগতে পৰ্যটকৰ বাবে হব ৫০ টা ভিউ পইণ্ট হ'ব। উত্তৰ পূৱৰ পথ প্ৰকল্পৰ বাবে মুঠ ২ লাখ ৬০ হাজাৰ কোটি টকা ধাৰ্য্য কৰা হৈছে। তদুপৰি, পাৰ্কিঙৰ সমস্যা দূৰ কৰিবলৈ পাৰ্কিং প্লাজাও নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীজনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|