দ্ৰুতবেগী জীপৰ পৰা পৰি গ’ল ডেৰ বছৰীয়া শিশু, গমেই নাপালে পিতৃ–মাতৃয়ে, চাওক ভিডিঅ’

মন্দিৰৰ পৰা উভতি অহাৰ সময়ত শিশুটিয়ে মাতৃৰ কোলাত বহি আছিল। আহি থাকোতেই টোপনি আহিছিল মাতৃৰ।

News18-Assam
Updated:September 9, 2019, 5:38 PM IST
দ্ৰুতবেগী জীপৰ পৰা পৰি গ’ল ডেৰ বছৰীয়া শিশু, গমেই নাপালে পিতৃ–মাতৃয়ে, চাওক ভিডিঅ’
মন্দিৰৰ পৰা উভতি অহাৰ সময়ত শিশুটিয়ে মাতৃৰ কোলাত বহি আছিল। আহি থাকোতেই টোপনি আহিছিল মাতৃৰ।
News18-Assam
Updated: September 9, 2019, 5:38 PM IST
কেৰালাৰ ইড্ডুকী জিলাত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। এখন দ্ৰুতবেগী জীপৰ পৰা সৰি পৰিল এটি ডেৰ বছৰীয়া কণমানি। এই কথা গমেই নাপালে জীপত থকা পিতৃ–মাতৃয়ে। প্ৰায় ৫০ কিলোমিটাৰ যোৱাৰ পিছতহে পিতৃ–মাতৃয়ে গম পালে যে তেওঁলোকৰ শিশুটি জীপত নাই। দেওবাৰে পুৱা সংঘটিত হয় এই ঘটনা। সেই সময়ত পৰিয়ালটোৱে তামিলনাডুৰ পালানী মন্দিৰত পূজা–অৰ্চনা আগবঢ়াই উভতি আহিছিল।

মন্দিৰৰ পৰা উভতি অহাৰ সময়ত শিশুটিয়ে মাতৃৰ কোলাত বহি আছিল। আহি থাকোতেই টোপনি আহিছিল মাতৃৰ। এটা কেঁকুৰিত জিপখন ঘূৰাওঁতেই সৰি পৰে কণমানিটি। শিশুটি পৰি যোৱাৰ পিছত জীপখন প্ৰায় ৫০ কিলোমিটাৰ আগুৱাই গৈছিল। তাৰ পিছতহে পিতৃ–মাতৃয়ে জানিব পাৰিলে যে তেওঁলোকৰ শিশুটি গাড়ীত নাই। ইফালে, শিশুটিয়ে আঁঠু কাঢ়ি কাঢ়ি কাষৰে বন বিভাগৰ এটা চেকপ’ষ্টত উপস্থিত হয়।

বন বিভাগৰ বিষয়াই যেতিয়া শিশুটিক CCTV কেমেৰাত দেখিলে তেতিয়া দৌৰি আহি সেই স্থানত উপস্থিত হয়। তাৰ পিছতে আহত শিশুটিক ভৰ্তি কৰোৱা হয় হাস্পতালত। চিকিৎসাৰ অন্তত বন বিভাগৰ লোকে আৰক্ষীক চমজাই দিয়ে শিশুটিক।


ঘটনাৰ পিছতে পিতৃ–মাতৃয়ে ৱেল্লাথুৱল থানাত শিশুটি সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে পিতৃ–মাতৃক জনায় যে তেওঁলোকৰ শিশুটি বিচাৰি পাইছে। আৰক্ষীয়ে পিছত শিশুটিক পিতৃ–মাতৃৰ হাতত চমজাই দিয়ে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি