ফেচবুক, টুইটাৰ একাউণ্টো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাব লাগিব!

আজি উচ্চতম ন্যায়ালয়ৰ শুনানি। ন্যায়ালয়ে জাননী জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰ, Google, Twitter, Youtubeলৈ।

News18-Assam
Updated:September 13, 2019, 12:46 PM IST
ফেচবুক, টুইটাৰ একাউণ্টো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাব লাগিব!
Source-Google
News18-Assam
Updated: September 13, 2019, 12:46 PM IST
ফেচবুক, টুইটাৰ আৰু WhatsAppৰ দৰে ছচিয়েল মিডিয়া ছাইটৰ একাউণ্টৰ বাবেও আধাৰ লিং কৰাটো প্ৰয়োজন নেকি? ইউজাৰ প্ৰফাইল আধাৰৰ সৈতে সংযোগ কৰাক লৈ ফেচবুকৰ আবেদনৰ শুনানিৰ বাবে সন্মত হৈছে উচ্চতম ন্যায়ালয়।

ছচিয়েল মিডিয়া চাইটক আদাৰ কাৰ্ডৰ লগত লিংক কৰাৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ শুনানি। দৰাচলতে এই সমগ্ৰ বিষয়টো মাদ্ৰাছ উচ্চ ন্যায়ালয়,  বম্বে উচ্চ ন্যায়ালয় আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ বিচাৰধীন হৈ আছিল। কিন্তু ফেচবুকে বিষয়টো উচ্চতম ন্যায়ালয়লৈ ট্ৰেন্সফাৰ কৰিবলৈ আৱেদন কৰিছিল।

উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, Youtube, Google, Facebook, Twitterৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছিল। চৰকাৰে এই সন্দৰ্ভত ফেচবুক, WhatsApp, গুগল, ইউটিউবৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মৰ লগতে সকলো আবেদনকাৰী আৰু চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছিল আৰু ২ ছেপ্টেম্বৰলৈ সময় দিয়া হৈছিল। আজি বিষয়টোৰ সন্দৰ্ভত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি