
আজি EVMত বন্দী হ’ব এওঁলোকৰ ভাগ্য।
ৰাজনাথ সিং, ৰাহুল গান্ধী, ছোনিয়া গান্ধী, স্মৃতি ইৰাণীকে ধৰি কেইবাগৰাকী হাইপ্ৰফাইল নেতাৰ ভাগ্য বন্দী হ’ব আজি।
আজি লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন। দেশৰ ৭খন ৰাজ্যৰ ৫১টা সমষ্টিত পুৱা ৭ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ। প্ৰায় ৯ কোটি লোকে সাব্যস্ত কৰিব ভোটাধিকাৰ। ৰাজনাথ সিং, ৰাহুল গান্ধী, ছোনিয়া গান্ধী, স্মৃতি ইৰাণীকে ধৰি কেইবাগৰাকী হাইপ্ৰফাইল নেতাৰ ভাগ্য বন্দী হ’ব আজি। বিহাৰৰ ৫টা সমষ্টি, জম্মু–কাশ্মীৰ দুটা সমষ্টিত, ঝাৰখণ্ডত ৪টা, মধ্য প্ৰদেশত ৭টা, ৰাজস্থানত ১২টা, উত্তৰ প্ৰদেশত ১৪টা সমষ্টি আৰু পশ্চিমবংগত ৭খন আসনৰ বাবে ভোটগ্ৰহণ হৈছে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত। আজিৰ নিৰ্বাচনত কেইবাটাও সমষ্টি অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আজিৰ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ সমষ্টিকেইটা আৰু প্ৰাৰ্থীকেইগৰাকী হ’ল লক্ষ্ণৌত বিজেপি জ্যেষ্ঠ নেতা ৰাজনাথ সিং, লক্ষ্ণৌত বিজেপি নেতাজনক প্ৰত্যাহ্বান জনাইছে সমাজবাদী পাৰ্টীৰ পুনম সিনহাই, আমেথিত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাইছে বিজেপি নেত্ৰী স্মৃতি ইৰাণী, ৰায়বেৰেলীৰ পৰা ছোনীয়া গান্ধী, ৰাজস্থানৰ গংগা নগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ নিহাল চান্দ চৌহান, পশ্চিমবংগৰ হুগলিত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ লকেট চেটাৰ্জীয়ে।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|