গৰুৰ দেহত সোমাই থকা বিশাল বিজ্ঞানৰ ভাণ্ডাৰৰ বিষয়ে ৰাইজক সজাগ কৰাৰ চেষ্টা! ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে পাতিব দেশজুৰি অনলাইন পৰীক্ষা

‘গৰুৰ বিষয়ে ৰচনা সকলোৱে লিখিছে; গৰুৰ উপকাৰীতাৰ বিষয়ে সকলো অৱগত। কিন্তু দেশীয় গৰু এটাৰ শৰীৰত সোমাই থকা বিশাল বিজ্ঞানৰ ভাণ্ডাৰ বিষয়ে অৱগত নহয় সাধাৰণ জনতা।’
‘গৰুৰ বিষয়ে ৰচনা সকলোৱে লিখিছে; গৰুৰ উপকাৰীতাৰ বিষয়ে সকলো অৱগত। কিন্তু দেশীয় গৰু এটাৰ শৰীৰত সোমাই থকা বিশাল বিজ্ঞানৰ ভাণ্ডাৰ বিষয়ে অৱগত নহয় সাধাৰণ জনতা।’
- News18 Assam
- Last Updated: January 6, 2021, 2:30 PM IST
এই কথা ঘোষণা কৰে প্ৰতিষ্ঠানটোৰ মুৰব্বী বল্লৱভাই কাঠাৰিয়াই। পৰীক্ষাটোৰ নাম দিয়া হৈছে কামধেনু গো-বিজ্ঞান প্ৰসাৰ প্ৰচাৰ পৰীক্ষা আৰু এই পৰীক্ষা প্রতি বছৰে অনুষ্ঠিত হ’ব ।
দিল্লীত এখন সংবাদ মেল পাতি কাঠাৰিয়াই গৰুৰ দেহত সোমাই থকা বিশাল বিজ্ঞানৰ ভাণ্ডাৰৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে। দেশীয় গৰুয়ে দেশৰ ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ সপোন বাস্তৱ কৰাত বৃহৎ ভূমিকা পালন কৰিব বুলিও মন্তব্য কৰে কাঠাৰিয়াই।