• Home
  • »
  • News
  • »
  • nation
  • »
  • মহাদেৱৰ ধনুৰ নামেৰে মিছাইল! চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাই সাজু কৰিছে 'পিনাকা'

মহাদেৱৰ ধনুৰ নামেৰে মিছাইল! চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাই সাজু কৰিছে 'পিনাকা'

দেশীয় ভাৱে নিৰ্মিত মিছাইল পিনাকা এমবিআৰএল বৰ্তমান সাজু কৰা হৈছে অৰুণাচলৰ ভাৰত-চীন সীমান্তত। ভাৰতীয় সেনাৰ শক্তিবৃদ্ধি কৰা পিনাকা এমবিআৰএল ডিআৰডিঅ'ই শিৱৰ ধনুৰ নামৰে নামাকৰণ কৰিছিল।

দেশীয় ভাৱে নিৰ্মিত মিছাইল পিনাকা এমবিআৰএল বৰ্তমান সাজু কৰা হৈছে অৰুণাচলৰ ভাৰত-চীন সীমান্তত। ভাৰতীয় সেনাৰ শক্তিবৃদ্ধি কৰা পিনাকা এমবিআৰএল ডিআৰডিঅ'ই শিৱৰ ধনুৰ নামৰে নামাকৰণ কৰিছিল।

দেশীয় ভাৱে নিৰ্মিত মিছাইল পিনাকা এমবিআৰএল বৰ্তমান সাজু কৰা হৈছে অৰুণাচলৰ ভাৰত-চীন সীমান্তত। ভাৰতীয় সেনাৰ শক্তিবৃদ্ধি কৰা পিনাকা এমবিআৰএল ডিআৰডিঅ'ই শিৱৰ ধনুৰ নামৰে নামাকৰণ কৰিছিল।

  • Share this:
পিনাকা। ভগৱান শিৱৰ ধনুৰ নাম পিনাকা। এই পিনাকা মহাদেৱে হাতত তুলি ল'লেই মহাপ্ৰলয়ৰ সৃষ্টি হৈছিল বুলি প্ৰাচীন শাস্ত্ৰত উল্লেখ আছে। এতিয়া এই অমোঘ অস্ত্ৰৰেই ড্ৰেগন সেনাক নিঃ শেষ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ সাজু হৈছে ভাৰতীয় সেনা।

দেশীয় ভাৱে নিৰ্মিত মিছাইল পিনাকা এমবিআৰএল বৰ্তমান সাজু কৰা হৈছে অৰুণাচলৰ ভাৰত-চীন সীমান্তত। ভাৰতীয় সেনাৰ শক্তিবৃদ্ধি কৰা পিনাকা এমবিআৰএল ডিআৰডিঅ'ই শিৱৰ ধনুৰ নামৰে নামাকৰণ কৰিছিল। বিশ্বৰ শক্তিশালী মিছাইল সমূহৰ মাজত স্থান লাভ কৰা পিনাকা এমবিআৰএলে ৪০ৰ পৰা ৬৫কিলোমিটাৰ নিলগতো শত্ৰুপক্ষত সঠিক স্থানত আঘাত কৰিব পাৰে। মাত্ৰ ৪৪ ছেকেণ্ডতে পিনাকাই ১২টা মিছাইল নিক্ষেপ কৰিব পাৰে, যি শত্ৰুপক্ষৰ বহুকিলোমিটাৰ অঞ্চল নিশ্চিহ্ন কৰাত সক্ষম। পিনাকাত লগোৱা আছে অত্যাধুনিক ৰাডাৰ প্ৰণালী। পিনাকা মিছাইলে এবাৰত ২৫০কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াব পাৰে।

আনহাতে পিনাকা এমবিআৰএলৰ লগতে ভাৰতীয় সেনাই চীনৰ পিএলএক এশিকনি দিবলৈ সাজু কৰি ৰাখিছে ৰুছত নিৰ্মিত বিএম-৩০ এমবিআৰ এল। বিএম-৩০য়ে শত্ৰুপক্ষক ৯০ৰ পৰা ১০০কিলোমিটাৰ নিলগৰ পৰাই নিখুঁত ভাৱে আঘাত কৰিব পাৰে। বিএম৩০য়ে মাত্ৰ ৩০ ছেকেণ্ডতে ১২টা মিছাইল নিক্ষেপ কৰিব পাৰে। ইতিমধ্যে ৰুছে চিৰিয়াৰ যুঁজত আইছিছৰ বিৰুদ্ধে এই মাৰাত্মক মিছাইল ব্যৱহাৰ কৰি সফলতা লাভ কৰিছিল। এতিয়া ভাৰতীয় সেনায়ো আগ্ৰাসী চীনক দমন কৰিবলৈ এই মিছাইল লৈ সীমান্তত সাজু হৈ আছে।

১৯৬২ৰ যুঁজত চীনৰ অস্ত্ৰবলৰ তুলনাত ভাৰতীয় সেনা যথেষ্ট দুৰ্বল আছিল যদিও এতিয়া ভাৰতীয় সেনাও যথেষ্ট শক্তিশালী। যদি ভাৰত-চীন সীমান্তত বৃদ্ধি পোৱা উত্তেজনা যুদ্ধত পৰিণত হয় তেনেহ'লে চীনৰ বিৰুদ্ধে ভাৰতেও অত্যাধুনিক মাৰণাস্ত্ৰৰে সমুখ-সমৰত যুঁজিবলৈ সম্পূৰ্ণ সাজু। পূৰ্বে ভৌগোলিক স্থিতিৰ বাবে ভাৰতীয় সেনাই চীন সীমান্তলৈ এনে অত্যাধুনিক অস্ত্ৰ সমূহ নিয়াত অসুবিধাৰ সন্মুখীন হৈছিল যদিও এতিয়া ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে চীন সীমান্তলৈ নিৰ্মাণ কৰা  বাট-পথৰ ব্যৱস্থাই ইয়াক সহজ কৰি তুলিছে। একেদৰে লাডাখ সীমান্ততো ভাৰতীয় সেনা সম্পূৰ্ণ সাজু হৈ আছে। মুঠতে ভাৰত-চীন সীমান্তত এতিয়া অতন্দ্ৰ প্ৰহৰী ৰূপে থিয় দিছে অত্যাধুনিক ভাৰতীয় মিছাইল পিনাকা এমবিআৰএল আৰু ৰুছৰ দ্বাৰা নিৰ্মিত বিএম-৩০ এমবিআৰএলে।
Published by:Himangshu Bhuyan
First published: