পাৰ্থ জ্যোতি বৰা, নতুন দিল্লীঃ অহা নৱেম্বৰত হ’ব লগীয়া সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পূৰ্বেই উত্তৰ পূৱত হ’ব পৰা বিধেয়ক বিৰোধী প্ৰতিবাদৰ জুই প্ৰশমিত কৰিবলৈ বিজেপিয়ে ৰচিছে নতুন ৰণ কৌশল । CAB ৰ বিৰোধিতা কৰা দল সংগঠনৰে আলোচনাত মিলিত হব শাসক দলটোৰ শীৰ্ষ নেতৃত্ব।
অহা অক্টোবৰৰ ৫ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হব মিজোৰামৰ ৰাজধানী আইজলত । গৃহমন্ত্ৰী হোৱাৰ পাছত শ্বাহৰ এয়া প্ৰথম মিজোৰাম ভ্ৰমণ হ’ব । মিজোৰামৰ ছাত্ৰ সংগঠন মিজো জিৰলাই পাৱিয়ে আৰু আন বেচৰকাৰী সংগঠন সমূহে শ্বাহৰ মিজোৰাম ভ্ৰমণৰ সময়ছোৱাত প্ৰতিবাদৰ কৰাৰ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । কিন্তু ৰাজ্যিক বিজেপিয়ে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে সংগঠন কেইটাক অমিত শ্বাহৰে আলোচনালৈ অনাৰ অহোপুৰুষাৰ্থ কৰিছে । সেই উদ্দেশ্যে আজি NEDA ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছেগৈ আইজলত । বিজেপি নেতৃত্বই উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ বিশেষ মৰ্য্যদাৰ একো বিঘিনি নঘটোৱাকৈ CAB গৃহীত কৰিব বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিব।
এই বছৰৰ আৰম্ভণিতে CABৰ বিৰোধিতা কৰি মিজোৰামৰ দল সংগঠন সমূহে তদানীন্তন প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিছিল । গণৰাজ্য দিৱসো বৰ্জন কৰিছিল ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|