মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নাযায় মমতা বেনাৰ্জী, কাৰণ জনাই মোদীলৈ পত্ৰ

News18-Assam
Updated:May 29, 2019, 2:54 PM IST
মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নাযায় মমতা বেনাৰ্জী, কাৰণ জনাই মোদীলৈ পত্ৰ
পশ্চিম বংগত কোনো ৰাজনৈতিক হত্যাকাণ্ড হোৱা নাই। এই মৃত্যুৰ কাৰণ ব্যক্তিগত, পাৰিবাৰিক নাইবা অন্য হ’ব পাৰে। – মমতা

পশ্চিম বংগত কোনো ৰাজনৈতিক হত্যাকাণ্ড হোৱা নাই। এই মৃত্যুৰ কাৰণ ব্যক্তিগত, পাৰিবাৰিক নাইবা অন্য হ’ব পাৰে। – মমতা

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে মমতাই। মমতাই লিখিছে – অভিনন্দন নতুন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী। সাংবিধানিক নিমন্ত্ৰণ স্বীকাৰ কৰি মোৰ শপতগ্ৰহণ অনুষ্ঠানলৈ অহাৰ পৰিকল্পনা আছিল। কিন্তু এঘণ্টা ধৰি মই সংবাদ মাধ্যমৰ খবৰ চাই আছো, য’ত বিজেপিয়ে দাবী কৰিছে যে তেওঁলোকৰ ৫৪জন লোক পশ্চিম বংগত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হৈছে। যিটো সম্পূৰ্ণ মিছা কথা। পশ্চিম বংগত কোনো ৰাজনৈতিক হত্যাকাণ্ড হোৱা নাই। এই মৃত্যুৰ কাৰণ ব্যক্তিগত, পাৰিবাৰিক নাইবা অন্য হ’ব পাৰে। কিন্তু ৰাজনীতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। আমাৰ ওচৰত এনে কোনো তথ্য নাই। মোক ক্ষমা কৰিব মোদীজী, এইকাৰণে মই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিম।
First published: May 29, 2019, 2:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading