• Home
  • »
  • News
  • »
  • nation
  • »
  • TMC | Presidential Election: উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীৰ বৈঠকত উপস্থিত নাথাকিল তৃণমূল কংগ্ৰেছ, মমতা দিদিয়ে কি অংক কৰি আছে!

TMC | Presidential Election: উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীৰ বৈঠকত উপস্থিত নাথাকিল তৃণমূল কংগ্ৰেছ, মমতা দিদিয়ে কি অংক কৰি আছে!

TMC | Presidential Election:  ১৮ জুলাইত ​​হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেশৰ ৰাজনৈতিক পাৰা অতি উচ্চ স্তৰত আছে।

TMC | Presidential Election: ১৮ জুলাইত ​​হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেশৰ ৰাজনৈতিক পাৰা অতি উচ্চ স্তৰত আছে।

TMC | Presidential Election: ১৮ জুলাইত ​​হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেশৰ ৰাজনৈতিক পাৰা অতি উচ্চ স্তৰত আছে।

  • Share this:
তৃণমূল কংগ্ৰেছে বিৰোধী শিবিৰৰ বৈঠক এৰাই চলিছে। উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী শিবিৰৰ প্ৰাৰ্থী (Vice President Candidate) কোন হ’ব সেইটো নিৰ্ণয় কৰিবলৈ দিল্লীত বৈঠকত মিলিত হৈছিল বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহ। কিন্তু আশ্চৰ্যজনকভাৱে সেই বৈঠকত তৃণমূল কংগ্ৰেছ (TMC)ৰ কোনো প্ৰতিনিধি নাই। ৰাষ্ট্ৰীয় ৰাজনীতিত নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে (TMC | Presidential Election)।

এই সন্দৰ্ভত বিজেপিৰ সৰ্বভাৰতীয় উপ-সভাপতি দিলীপ ঘোষ (Dilip Ghosh)ৰ কটুক্তি, "তৃণমূল কংগ্ৰেছ এটা দল যিয়ে কোনো ভবা-চিন্তা নকৰাকৈয়ে যি কোন পদক্ষেপ গ্ৰহণ কৰে। মমতা বেনাৰ্জীয়ে যশৱন্ত সিনহাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কৰাৰ পিছতো চুড়ান্ত অপমান কৰিছে। নৰেন্দ্ৰ মোদীৰ চতুৰালিত তৃণমূল নেত্ৰীগৰাকীৰ থৰকাচুতি হেৰাইছে। হয়তো সেইবাবেই তেওঁ উপ-সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰে। পৰাজয় নিশ্চিত বুলি জানিও প্ৰাৰ্থী নিৰ্বাচন কৰিব জানো!"

মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ পিছতো যশৱন্ত সিনহাই কেৱল মমতা বেনাৰ্জীৰ বাবেই পশ্চিমবংগত প্ৰচাৰ চলাব পৰা নাছিল। এনডিএ শিবিৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ সন্দৰ্ভত স্বয়ং তৃণমূল নেত্ৰী গৰাকীয়ে কোমল মনোভাৱ দেখুৱাইছে। যিটোক লৈ জাতীয় ৰাজনীতিত হুলস্থুলৰ সৃষ্টি হৈছিল। তাৰ পিছত আজি দিল্লীত উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সন্দৰ্ভত অনুষ্ঠিত বৈঠকৰ পৰা তৃণমূলৰ অনুপস্থিতিয়ে উৰাবাতৰিবোৰক তীব্ৰতৰ কৰি তুলিলে। কাৰণ তৃণমূলৰ লোকসভাৰ নেতা সুদীপ বেনাৰ্জী দিল্লীত আছে। তাৰ পিছতো তৃণমূল শাৰদ পাৱাৰৰ গৃহত বিৰোধীৰ সভাত কিয় অংশগ্ৰহণ কৰা নাই সেই কথা স্পষ্ট নকৰিলে।

দলীয় এক সূত্ৰ অনুসৰি অহা ২১ জুলাইত মমতা বেনাৰ্জীয়ে কলকাতাৰ কালিঘাটত এখন কৌশল সভা অনুষ্ঠিত কৰিব। দলৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদক এই বৈঠকত উপস্থিত থাকিবলৈ কোৱা হৈছে। তাতেই দলৰ নেতাই ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ দলৰ স্থিতি স্পষ্ট কৰিব। মূলতঃ এই কাৰণেই আজি দিল্লীৰ পাৱাৰৰ ঘৰত অনুষ্ঠিত সভাত তৃণমূলৰ কোনো প্ৰতিনিধি উপস্থিত নাথাকিল।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি নিৰ্বাচন (President Election 2022)ৰ বাবে বিৰোধী শিবিৰৰ প্ৰাৰ্থী কোন হ’ব সেইটো নিৰ্ণয় কৰাত তৃণমূলৰ নেত্ৰী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক অগ্ৰণী ভূমিকাত দেখা গৈছিল। মমতা বেনাৰ্জী (Mamata Banerjee)ৰ উদ্যোগত দিল্লীৰ কনষ্টিটিউচন ক্লাৱত প্ৰায় বিশজন বিৰোধী বিজেপি নেতাই বৈঠকত মিলিত হয়। দুয়োটা দলৰ বৈঠকৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিলে শাৰদ পাৱাৰৰ নাম। পাৱাৰে একমত নোহোৱাৰ বাবে ফাৰুক আব্দুল্লা আৰু গোপালকৃষ্ণ গান্ধীৰ নাম ওলাল। তেওঁলোকেও একমত নহ’ল। ইয়াৰ পিছতে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় উপ-সভাপতি যশৱন্ত সিনহা (Yashwant Sinha)ক সৰ্বসন্মতিক্ৰমে বিৰোধী শিবিৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয়।

যশৱন্ত সিনহাই তৃণমূলৰ পৰা পদত্যাগ কৰি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। কিন্তু তাৰ পিছত তেওঁ আন ৰাজ্যত প্ৰচাৰ চলাবলৈ গৈছিল যদিও পশ্চিমবংগত প্ৰচাৰ চলাবলৈ যোৱা নাছিল। বহুতে ইয়াৰ আঁৰত এটা কাহিনী আছে বুলি চৰ্চা কৰি আছে। মুঠতে ১৮ জুলাইত ​​হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেশৰ ৰাজনৈতিক পাৰা অতি উচ্চ স্তৰত আছে।
Published by:Manjumoni Borah
First published: