মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»TMC nominates Sushmita Dev in Rajya Sabha: সুস্মিতা দেৱক পশ্চিমবংগৰ পৰা TMCয়ে মনোনীত কৰিলে ৰাজ্যসভালৈ, নেপথ্যত এইবোৰ কাৰণ

TMC nominates Sushmita Dev in Rajya Sabha: সুস্মিতা দেৱক পশ্চিমবংগৰ পৰা TMCয়ে মনোনীত কৰিলে ৰাজ্যসভালৈ, নেপথ্যত এইবোৰ কাৰণ

News18 Assam | News18-Assam
Updated:September 14, 2021, 9:44 PM IST
TMC nominates Sushmita Dev in Rajya Sabha: সুস্মিতা দেৱক পশ্চিমবংগৰ পৰা  TMCয়ে মনোনীত কৰিলে ৰাজ্যসভালৈ, নেপথ্যত এইবোৰ কাৰণ
মানস ভূঞাই সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ পিছত পশ্চিম বংগৰ পৰা এখন ৰাজ্যসভাৰ আসন খালী হৈ আছিল ৷ সেই আসনতে সুস্মিতা দেৱক ৰাজ্য সভালৈ মনোনীীত কৰিছে তৃণমূল কংগ্ৰেছে। (TMC nominates Sushmita Dev in Rajya Sabha)

মানস ভূঞাই সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ পিছত পশ্চিম বংগৰ পৰা এখন ৰাজ্যসভাৰ আসন খালী হৈ আছিল ৷ সেই আসনতে সুস্মিতা দেৱক ৰাজ্য সভালৈ মনোনীীত কৰিছে তৃণমূল কংগ্ৰেছে। (TMC nominates Sushmita Dev in Rajya Sabha)

  • News18 Assam
  • Last Updated: September 14, 2021, 9:44 PM IST
  • Share this:
কিছুদিন পূৰ্বে কংগ্ৰেছ (Congress) ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল সুস্মিতা দেৱ (Sushmita Dev) ৷ এতিয়া তৃণমূল কংগ্ৰেছ &Trinamul Congressএ) ৰাজ্যসভাত সুস্মিতা দেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে পশ্চিম বংগৰ পৰা ৷ যোগদান কৰাৰ পিছতে সুস্মিতাক বিশেষ দায়িত্বসহ ত্ৰিপুৰালৈ প্ৰেৰণ কৰা হৈছিল ৷ এইবাৰ ৰাজ্যসভা (Rajya Sabha)লৈ মনোনীত কৰি তৃণমূল কংগ্ৰেছে বুজাই দিছে যে দলটোৱে অভিজ্ঞ নেতৃগৰাকীক যথাযথ গুৰুত্ব দিব বিচাৰে ৷

আগন্তুক ৪ অক্টোবৰত দেশৰ পাঁচ ৰাজ্যত ৰাজ্যসভাৰ ছয়খন আসনৰ উপ নিৰ্বাচন (By Election) অনুষ্ঠিত হ'ব ৷ তাৰ ভিতৰত পশ্চিম বংগৰ এখন আসন আছে ৷ সাংসদ মানস ভূঞাই সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ বাবে পশ্চিম বংগ (West Bengal)ৰ পৰা এখন ৰাজ্যসভাৰ আসন খালী হৈ আছিল ৷ পশ্চিম বংগৰ উপৰি অসম, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু পুডুচেৰীত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব৷

ৰাজ্যসভালৈ সুস্মিতা দেৱক মনোনয়নৰ পিছতে তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা টুইট কৰা হয় ৷ টুইটত লিখিছে, 'মমতা বেনাৰ্জী (Mamata Banerjee)ৰ দৃষ্টিভংগী হৈছে মহিলাসকলক অধিক শক্তিশালী কৰা আৰু তেওঁলোকৰ ৰাজনীতিত অধিক অংশগ্ৰহণ সুনিশ্চিত কৰা, তেতিয়াহে আমাৰ সমাজ অধিক লাভান্বিত হ'ব।'

ৰাজ্যসভালৈ মনোনয়নৰ পিছতে সুস্মিতা দেৱে কয়, 'মই উৎসাহিত হৈছোঁ আৰু মমতাদি আৰু অভিষেকৰ প্ৰতি  কৃতজ্ঞ। মই নাজানো যে মই এই সন্মানৰ যোগ্য হয় নে নহয়, কিন্তু মোৰ দলৰ আদৰ্শ আগুৱাই নিবলৈ সদায় সাজু।'

তৃণমূল (TMC)ৰ ভিতৰুৱা সূত্ৰৰ মতে দলটোৱে সুস্মিতা দেৱক দুটা কাৰণত ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। সংসদীয় ৰাজনীতিৰ লগতে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুস্মিতাৰ অভিজ্ঞতা দলৰ সাংগঠনিক কামত ব্যৱহাৰ কৰিব বিচাৰিছে তৃণমূল কংগ্ৰেছে ৷ সুস্মিতাই বৰ্তমান ত্ৰিপুৰা (Tripura)ত তৃণমূলৰ সংগঠন শক্তিশালী কৰাৰ লক্ষ্যৰে কাম কৰি আছে৷ সুস্মিতাৰ পিতৃ সন্তোষ মোহন দেৱ ত্ৰিপুৰাৰ এগৰাকী সাংসদ আছিল ৷ সেইকাৰণে সুস্মিতা দেৱে ত্ৰিপুৰাক নিজৰ হাতখনৰ দৰেই ভালকৈ জানে ৷ ত্ৰিপুৰাৰ লোকসকলৰো সুস্মিতাৰ প্ৰতি এক আবেগ আছে ৷ সেয়ে তেওঁক তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত বিশেষ দায়িত্ব দিছে।

সমগ্ৰ উত্তৰ-পূব ভাৰততে নিজা সংগঠন গঢ়ি তুলিবলৈ তৃণমূলে সুস্মিতাক ব্যৱহাৰ কৰিব বিচাৰিছে৷ তৃণমূলৰ এক সূত্ৰই জনোৱা মতে মহিলা ভোটাৰসকলৰ হৃদয় জয় কৰিবলৈও সুস্মিতা দেবক সংসদলৈ প্ৰেৰণ কৰা হৈছে ৷ সংখ্যাৰ ক্ষেত্ৰত সুস্মিতা দেৱৰ বিজয় এই মুহূৰ্তত নিশ্চিত ৷ অৱশ্যে, বিজেপি (BJP)য়ে এই আসনত প্ৰাৰ্থী প্ৰদান কৰিলে বিপদ হ'ব নে সুস্মিতা দেৱে নিষ্কণ্টক হৈ ৰাজ্যসভালৈ যাব, সেয়া হ'ব লক্ষণীয়৷
Published by: Manjumoni Borah
First published: September 14, 2021, 9:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি