অৰ্ণৱ গোস্বামীক মধ্যমা আঙুলি দেখুওৱাৰ পৰা সংসদত গ্ৰেণ্ড এন্ট্রীলৈ অদমনীয় মহুৱা মৈত্ৰা

অসমত NRCৰ খচৰাৰ পৰা নাম বাদ পৰা লোকক সাক্ষাৎ কৰিবলৈ আহি বিতৰ্কত সোমাইছিল এইগৰাকী মহুৱা

News18-Assam
Updated:June 28, 2019, 2:54 PM IST
অৰ্ণৱ গোস্বামীক মধ্যমা আঙুলি দেখুওৱাৰ পৰা সংসদত গ্ৰেণ্ড এন্ট্রীলৈ অদমনীয় মহুৱা মৈত্ৰা
অসমত NRCৰ খচৰাৰ পৰা নাম বাদ পৰা লোকক সাক্ষাৎ কৰিবলৈ আহি বিতৰ্কত সোমাইছিল এইগৰাকী মহুৱা
News18-Assam
Updated: June 28, 2019, 2:54 PM IST
সংসদৰ নিজৰ প্ৰথমটো ভাষণতে তেজস্বী ব্যক্তিত্বৰ পৰিচয় দিয়া মহুৱা মৈত্ৰা এতিয়া দেশবাসীৰ মাজত আটাইতকৈ চৰ্চিত সাংসদ। পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কৰিমনগৰ লোকসভা সমষ্টিৰ সাংসদ মহুৱা মৈত্ৰা এইবাৰেই প্ৰথম চৰ্চালৈ অহা নাই। বিভিন্ন সময়ত এইগৰাকী ৰাজনৈতিক নেত্ৰীয়ে নিজৰ ভাষণ, আচৰণ আৰু প্ৰতিপক্ষক ধূলিসাৎ কৰিবলৈ গ্ৰহণ কৰা অদমনীয় স্থিতি বাৰে বাৰে চৰ্চালৈ আহিছে। সংসদৰ মজিয়াত ফেচীবাদৰ সাতটা ভয়ংকৰ লক্ষণ বাখ্যা কৰি বিজেপি চৰকাৰক তুলাধুনা দিয়া এইগৰাকী মহুৱা মৈত্ৰাই অসমলৈ আহিছিল NRCৰ বিবাদৰ মাজত। বিমানবন্দৰত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱা মহুৱা মৈত্ৰাক অসমবাসীয়ে ভালকৈয়ে চিনি পায়।

এইগৰাকী মহুৱা মৈত্ৰা যিগৰাকীয়ে ২০১৫ চনত অসম সন্তান তথা জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ ডিবেট শ্ব’ত গোস্বামীয়ে কথা ক’বলৈ নিদিয়াৰ বাবেই মধ্যমা আঙুলি দেখুৱাই চৰ্চাৰ শীৰ্ষত উঠিছিল। ইয়াৰ পিছত ২০১৭ চনত বিজেপি সাংসদ বাবুল সুপ্ৰিয়ৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল মহুৱাই। কাৰণ আছিল বাবুল সুপ্ৰিয়ই টিভিৰ এক ডিবেট শ্ব’ত মহুৱাই মহুৱা (সুৰা) খাই অচেতন হৈ আছে বুলি মন্তব্য কৰাৰ অভিযোগ।

মহুৱা মৈত্ৰাই শেহতীয়াকৈ অসমলৈ আহিছিল NRCৰ খচৰাৰ পৰা বাদ পৰা পৰিয়ালসমূহক সাক্ষাৎ কৰিবলৈ। মমতা দিদিৰ নিৰ্দেশত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলৰ সৈতে আহি শিলচৰ বিমানবন্দৰত সুৰক্ষাকৰ্মীৰ সৈতে হতাহতিত লিপ্ত হৈ মহুৱাই বিতৰ্কৰ সৃষ্টি কৰিছিল।

সংসদত প্ৰথমটো ভাষণত মহুৱাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক টাৰ্গেট কৰি লোৱা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। সংসদত ভাষণ দিয়াৰ লগতে মহুৱা মৈত্ৰাই বৰ্তমান সমগ্ৰ দেশজুৰি বিজেপি চৰকাৰে ঘৰ আৰু কাৰ্যালয়ত ছচিয়েল মিডিয়াত ৰখা নিৰীক্ষণ আৰু চোকা দৃষ্টি সন্দৰ্ভত এখন আবেদন দাখিল কৰি থৈছে আৰু এই আবেদনৰ ভিত্তিত আদালতত শুনানি গ্ৰহণ কৰা হ’ব।



জীৱনৰ প্ৰথম নিৰ্বাচন ২০১৬ চনত পশ্চিম বংগৰ নাদিয়া কৰিমপুৰৰ পৰা খেলিছিল মহুৱাই। তেতিয়াৰে পৰা ৰাজনৈতিক জীৱনত দোপতদোপে আগুৱাইছে মমতা দিদিৰ এইগৰাকী বিশ্বস্ত সহযোগী। ২০১৯ৰ লোকসভা নিৰ্বাচনত মহুৱাই কৰিমনগৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ কল্যাণ চৌবেক ৬৩ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিছিল।

১৯৭৫ চনৰ ৫ মে’ত কলকাতাত জন্মগ্ৰহণ কৰা মহুৱাই ১৫ বছৰ বয়সতে উচ্চশিক্ষা লাভ কৰিবলৈ ব্ৰিটেইনলৈ গৈছিল। মাচাছুৱেটছৰ মাউণ্ট হলিয়ক কলেজ আৰু জে পি মৰ্গানৰ পৰা ইনভেষ্টমেণ্ট বেংকাৰৰূপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল মহুৱাই। নিউয়ৰ্ক আৰু লণ্ডনত কিছু বছৰ চাকৰি কৰিয়ে তেওঁ ভাইচ প্ৰেছিডেণ্ট পদলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী তীক্ষ্ণ মেধাসম্পন্ন মহিলা ২০০৮ চনত ভাৰতলৈ ঘূৰি অহাৰ পিছতে ৰাজনৈতিক জীৱন আৰম্ভ কৰে আৰু কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰে। অৱশ্যে দীঘলীয়া সময়ত তেওঁ কংগ্ৰেছৰ সৈতে সম্পৰ্ক ৰক্ষা নকৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি