হাস্পতালত ভৰ্তি হোৱা বাবে সংসদৰ শীতকালীন অধিৱেশনত উপস্থিত থাকিব পৰা নাই নুছৰত জাহানে। হাস্পতালত ভৰ্তি হোৱা বাবে সংসদৰ শীতকালীন অধিৱেশনত উপস্থিত থাকিব পৰা নাই নুছৰত জাহানে। তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু বেংগলী অভিনেত্ৰী নুছৰত জাহান অসুস্থ। দেওবাৰে হঠাৎ অসুস্থ হৈ পৰে অভিনেত্ৰীগৰাকী। শ্বাস–প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত অভিনেত্ৰীগৰাকীক ভৰ্তি কৰোৱা হয় কলকাতাৰ এখন হাস্পতালত। বৰ্তমান ICUত চিকিৎসাধীন হৈ আছে যদিও স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে পৰিয়ালৰ লোকে।
পৰিয়ালৰ মতে, দেওবাৰে পুৱা পশ্চিম বংগৰ বছিৰহাটৰ পৰা কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। পৰিয়ালৰ মতে নুছৰতৰ আছে এজমা ৰোগো। হাস্পতালত ভৰ্তি হোৱা বাবে সংসদৰ শীতকালীন অধিৱেশনত উপস্থিত থাকিব পৰা নাই নুছৰত জাহানে।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।First published: November 18, 2019, 15:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|