তিৰুমালা তিৰুপতি দেৱস্থানমে প্ৰকাশ কৰিলে তিৰুপতি মন্দিৰৰ হিচাপ। শ্বেতপত্ৰযোগে দিয়া মন্দিৰৰ নামত থকা সম্পত্তিৰ হিচাপ অনুসৰি মন্দিৰটোৰ সম্পত্তিৰ মূল্য হৈছে ২.২৬ লাখ কোটি।
শ্বেতপত্ৰত উল্লেখ কৰা মতে, মন্দিৰটোৰ নামত জমা আছে ১০.৩ টন সোণ, যাৰ মূল্য ৫,৩০০ কোটিতকৈ অধিক আৰু নগদ ধন জমা আছে ১৫,৯৩৮ কোটি।
টিটিডিৰ কাৰ্যবাহী বিষয়া এভি ধৰ্ম ৰেড্ডীয়ে মন্দিৰ ট্ৰাষ্টৰ সম্পত্তি ২.২৬ লাখ কোটিলৈ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি কয় যে ২০১৯ চনত বিভিন্ন বেংকত ফিক্সড ডিপ'জিটৰ ৰূপত টিটিডিৰ বিনিয়োগ আছিল ১৩,০২৫ কোটি, যি এতিয়া ১৫,৯৩৮ কোটিলৈ বৃদ্ধি পাইছে।
আনহাতে ২০১৯ চনত টিটিডিৰ ৭৩৩৯.৭৪ টন সোণ জমা কৰা হৈছিল আৰু তিনি বছৰত ২.৯ টন সোণ সংযোজন কৰা হৈছে। মন্দিৰৰ সম্পত্তিৰ ভিতৰত সমগ্ৰ ভাৰততে ৭,১২৩ একৰ মাটিত ৯৬০টা সম্পত্তি আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|