ত্ৰিপুৰাৰ টিআইপিআৰএ দলৰ নেতা প্ৰদ্যুত দেৱবৰ্মাই পৃথক জনজাতীয় ৰাজ্য 'গ্ৰেটাৰ টিপ্ৰালেণ্ড'ৰ দাবী পুনৰ উত্থাপন কৰিছে।
এক সূত্ৰ অনুসৰি, প্ৰদ্যুত দেববৰ্মা নেতৃত্বাধীন টিআইপিআৰএ দলে মঙলবাৰে অৰ্থাৎ ২৩ আগষ্টত ত্ৰিপুৰাৰ সকলো এছডিএমৰ ওচৰত 'গ্ৰেটাৰ টিপ্ৰালেণ্ড'ৰ দাবীত এখন স্মাৰকপত্ৰ দাখিল কৰিব।
টিআইপিআৰএৰ অধ্যক্ষ প্ৰদ্যুত দেববৰ্মাই জনাই যে, ২৩ আগষ্টত টিআইপিআৰএৰ সৈতে জড়িত সকলো সংগঠনে 'গ্ৰেটাৰ টিপ্ৰালেণ্ড'ৰ দাবীত ত্ৰিপুৰাৰ সকলো এছডিএমৰ ওচৰত যি স্মাৰকপত্ৰ দাখিল কৰিব সেই স্মাৰকপত্ৰ ত্ৰিপুৰাৰ ৰাজ্যপালৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ'ব। প্ৰদ্যুত দেববৰ্মাই লগতে কয় যে, তেওঁলোকে পৃথক জনজাতীয় ৰাজ্যৰ বাবে কৰা দাবীৰ এক সাংবিধানিক সমাধান বিচাৰে।
বৰ্তমানে টিআইপিআৰএ দলটোৱে তেওঁলোকৰ এটা সাংবিধানিক দাবী 'গ্ৰেটাৰ টিপ্ৰালেণ্ড'ৰ ওপৰত গুৰুত্ব দিয়াটো উচিত সময় বুলি দলৰ মুৰব্বী দেববৰ্মাই কয়।
দেববৰ্মাই লগতে জনায় যে, আগন্তুক ছেপ্টেম্বৰ মাহত টিআইপিআৰএৰ জ্যেষ্ঠ নেতা আৰু চিইএম আৰু ইএমকে ধৰি টিটিএএডিচিৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ এটা প্ৰতিনিধি দলে 'গ্ৰেটাৰ টিপ্ৰালেণ্ড' বিষয়টোক লৈ ত্ৰিপুৰাৰ ৰাজ্যপালক সাক্ষাৎ কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|