এইগৰাকী ২৬ বছৰীয়া IAS বিষয়াৰ বিচক্ষণতা, কম সময়তে সমগ্ৰ অঞ্চল কৰি তুলিলে কোৰোণা মুক্ত

News18 Assam | News18-Assam
Updated:April 15, 2020, 1:12 PM IST
এইগৰাকী ২৬ বছৰীয়া IAS বিষয়াৰ বিচক্ষণতা, কম সময়তে সমগ্ৰ অঞ্চল কৰি তুলিলে কোৰোণা মুক্ত
টিনা দেৱী ২০১৮ চনৰ পৰা ৰাজস্থানৰ ভীলৱাড়াত চাব-ডিভিজনেল কালেক্টৰ হিচাপে কৰ্মৰত

টিনা দেৱী ২০১৮ চনৰ পৰা ৰাজস্থানৰ ভীলৱাড়াত চাব-ডিভিজনেল কালেক্টৰ হিচাপে কৰ্মৰত

  • Share this:
ৰাজস্থানৰ ভীলবাড়া চহৰ বিগত দুমাহ ধৰি চৰ্চাত। মাৰ্চ মাহত সমগ্ৰ দেশৰ ভিতৰতে ভীলাবাড়াত তীব্ৰ হাৰত বৃদ্ধি পাইছিল কোৰোণাৰ সংক্ৰমণ। ৰাজস্থানৰ এই অঞ্চলত আটাইতকৈ বেছি কোৰোণাত আক্ৰান্ত ৰোগী পোৱা গৈছিল। কিন্তু এনে এক অৱস্থাৰ পৰা ভীলবাড়াক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিলে এগৰাকী প্ৰশাসনিক বিষয়াই।



ভীলবাড়াত যিধৰণে কোৰোণা প্ৰতিৰোধ কৰা হ’ল, তাৰ আঁৰত আছে টিনা ডাবী নামৰ ২৬ বছৰীয়া প্ৰশাসনিক বিষয়াগৰাকীৰ বিচক্ষণতা।

কি ভূমিকা গ্ৰহণ কৰিছিল বিষয়াগৰাকীয়ে -

হিন্দুস্তান টাইমছৰ সৈতে হোৱা এটা সাক্ষাত্‍কাৰত বিষয়াগৰাকীয়ে কৈছিল যে, ‘কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি সমগ্ৰ জিলাখনকে আইছ’লেছন কৰা হৈছিল।’

তেওঁ কয় য়ে, ‘১৯ মাৰ্চত যেতিয়া প্ৰথমটো কোৰোণা পজিটিভ কেছ পোৱা গৈছিল, আৰু ২০ মাৰ্চৰ দিনা কোৰোণা ভাইৰাছৰ অভিকেন্দ্ৰৰ সন্ধানত আমি ব্যাপক অভিযান চলাইছিলো। আৰু এখন ব্যক্তিগতখণ্ডৰ চিকিত্‍সালয় আমি চিনাক্ত কৰিছিলো। এই চিকিত্‍সালয়খনৰ নাৰ্ছ আৰু চিকিত্‍সক আহিছিল কোৰোণা পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ। আৰু লগে লগে তেতিয়া প্ৰশাসনে চিকিত্‍সালয়খন সম্পূৰ্ণ তলাবন্ধ কৰি দিয়ে। আৰু ভীলাবাড়াক ছীল কৰি দিয়া হয়। কিন্তু সেইসময়তে অঞ্চলজুৰি বাস কৰা লোকসকলৰ অতি প্ৰয়োজনীয় অভাৱ পূৰণৰ বাবেও লোৱা হৈছিল সাধ্য অনুসৰি পদক্ষেপ।’

‘সম্পূৰ্ণ ল’ক ডাউন ঘোষণা কৰাৰ পিছত সম্পূৰ্ণ অঞ্চলজুৰি সকলো কাম কাজ বন্ধ কৰি দিয়া হয়। পৰিস্থিতি সাপেক্ষে কিছু ক্ষেত্ৰত কঠোৰ হ’বলগীয়াও হৈছিল। আৰু ৰাইজৰ সহযোগত দুই এদিনতে এই কামত লাভ কৰে সফলতা।’

টিনাই কয় যে, ‘এই যুদ্ধ জয় কৰাতো বাস্তৱত ইমান সহজ নাছিল। বহু লোক আতংকিত হৈ পৰিছিল, গতিকে বহু ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল। কিন্তু কোৰোণাৰ পৰা অঞ্চলটো মুক্ত কৰা আছিল আমাৰ প্ৰাথমিক দায়িত্ব। আৰু ৰাইজৰ সহযোগত, আমি লোৱা আগতীয়া পদক্ষেপৰ বাবে আজি ভীলবাড়া হৈ পৰিল কোৰোণা মুক্ত।’
Published by: Himangshu Bhuyan
First published: April 15, 2020, 1:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading