দিল্লীত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে টাইমছ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক অসমৰ নীলাক্ষী ভট্টাচাৰ্যই

News18 Assam | News18-Assam
Updated:April 30, 2021, 2:59 PM IST
দিল্লীত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে টাইমছ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক অসমৰ নীলাক্ষী ভট্টাচাৰ্যই
৫৩ বছৰীয়া নীলাক্ষী ভট্টাচাৰ্যৰ স্বামী কল্যান বৰুৱাও একেখন চিকিৎসালয়ত Covid-19ত আক্রান্ত হৈ বাতৰি লিখা পর্যন্ত মৃত্যুৰে যুঁজি আছে।

৫৩ বছৰীয়া নীলাক্ষী ভট্টাচাৰ্যৰ স্বামী কল্যান বৰুৱাও একেখন চিকিৎসালয়ত Covid-19ত আক্রান্ত হৈ বাতৰি লিখা পর্যন্ত মৃত্যুৰে যুঁজি আছে।

  • Share this:
Covid-19ত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে দিল্লীৰ আন এগৰাকী প্ৰৱাসী অসমীয়াই। শুকুৰবাৰে পুৱা গুৰুগ্ৰামৰ ডব্লিউ প্ৰতীক্ষা হাস্পতালত মৃত্যুৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে নীলাক্ষী ভট্টাচাৰ্যই। গুৱাহাটী নিৱাসী নীলাক্ষী দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক টাইমছ অব ইণ্ডিয়াত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক। ৫৩ বছৰীয়া নীলাক্ষী ভট্টাচাৰ্যৰ স্বামী কল্যান বৰুৱাও একেখন চিকিৎসালয়ত Covid-19ত আক্রান্ত হৈ বাতৰি লিখা পর্যন্ত মৃত্যুৰে যুঁজি আছে। জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা The Assam Tribuneকাকতৰ দিল্লীৰ বিশেষ সংবাদদাতা (Special Correspondent) ।

নীলাক্ষী ভট্টাচাৰ্যৰ অকাল বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্রকাশ কৰিছে। প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদক ক্ৰমে মনোজ নাথ আৰু সঞ্জয় ৰয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত দুঃসাহসিক ক্রীড়াৰ লগত জড়িত ভট্টাচাৰ্য্যৰ মৃত্যু সংবাদ জগতৰ কাৰণে অপুৰণীয় ক্ষতি বুলি অভিহিত কৰিছে ।

দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰত কোৰোণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত প্রাণ গৈছে বহু কেইজন অসমীয়াৰ। বৃহস্পতিবাৰে মৃত্যুক সাৱটি ল’লে Powergridৰ মহাপ্ৰবন্ধক গুৰুগ্ৰাম নিবাসী মৃদুল ভূঞাই । যোৱা ২৬ এপ্রিল তাৰিখে Covid-19ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল দিল্লীৰ CR Parkৰ নিবাসী প্ৰৱাসী অসমীয়া সঞ্জীৱ ফুকনে । আজি একে কাৰণতে শেষ নিশ্বাস ত্যাগ কৰে তেওঁৰ পত্নী মমীয়ে ।

উল্লেখযোগ্য যে, বহুকেইজন দিল্লীবাসী অসমীয়া প্ৰতিদিনে Covid-19ত আক্ৰান্ত হোৱাৰ খবৰ আহি আছে। দিল্লী তথা সমীপৰ নয়দা তথা গুৰুগ্ৰামত চিকিৎসা সেৱা দুৰ্বিসহ হৈ পৰাত বহু জনে ঘৰতে থাকি কোৰোণা ভাইৰাছৰে যুজঁ দিছে। বহুজন সুস্থ হোৱাৰ খবৰো আহিছে ।
Published by: Himangshu Bhuyan
First published: April 30, 2021, 2:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি