দিল্লী হিংসাঃ মুছলমান ককায়েকে বিয়া দিলে হিন্দু ভগ্নীক, ক’লে–‘বিপদত সদায় মোক কাষত পাবা’

News18 Assam | News18-Assam
Updated:February 28, 2020, 3:03 PM IST
দিল্লী হিংসাঃ মুছলমান ককায়েকে বিয়া দিলে হিন্দু ভগ্নীক, ক’লে–‘বিপদত সদায় মোক কাষত পাবা’
দিল্লীত অব্যাহত আছে হিংসা। তাৰ মাজতে হিন্দু পৰিয়ালৰ এগৰাকী যুৱতীৰ বিয়াক লৈ চৰ্চা। সংঘৰ্ষৰ মাজতে এজন মুছলমান যুৱকৰ সহায়ত সম্পন্ন কৰা হয় বিবাহ।

দিল্লীত অব্যাহত আছে হিংসা। তাৰ মাজতে হিন্দু পৰিয়ালৰ এগৰাকী যুৱতীৰ বিয়াক লৈ চৰ্চা। সংঘৰ্ষৰ মাজতে এজন মুছলমান যুৱকৰ সহায়ত সম্পন্ন কৰা হয় বিবাহ।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দেশৰ ৰাজধানী চহৰ খনত ভয়ংকৰ সংঘৰ্ষ। ইতিমধ্যে সংঘৰ্ষত মৃত্যু মুখত পৰিছে ৩৪জনৰো অধিক লোকৰ।

তাৰ মাজতে চৰ্চালৈ আহিছে এখন বিশেষ বিবাহ। হিংসাৰ সময়ত দিল্লীৰ মুছলমান অধ্যুষিত এলেকাত বসবাস কৰা এটা হিন্দু পৰিয়াল সমস্যাত পৰিছিল। এনে স্পৰ্শকাতৰ পৰিস্থিতিত পৰিয়ালটোৱে ছোৱালী বিয়া দিয়াটো অত্যন্ত কঠিন আছিল। সম্পূৰ্ণ আয়োজন কৰাৰ পিছতো বিয়াখন পিছুৱাই দিবলৈ চিন্তা–চৰ্চা কৰিছিল পৰিয়ালটোৱে।

এনে সময়ত পৰিয়ালটোক সহায় কৰিবলৈ আহিল চুবুৰীয়া এটা মুছলমান পৰিয়াল। পিছত হিন্দু ৰীতি–নীতিৰে হোৱা বিয়াখনত মুছলমান পৰিয়ালটোৰ এজন যুৱকে হিন্দু যুৱতীগৰাকীক ককায়েক হৈ বিয়া দিয়ে।

দৰাচলতে যিটো অঞ্চলত বিয়া খন হৈছিল, তাৰ এদিন পূৰ্বে অঞ্চলটোত ব্যাপক হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছিল। ফলত বিয়াখনত আহি পৰিছিল জটিলতা।
First published: February 28, 2020, 3:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading