TikTok Crime: নাবালিকাক বিয়াৰ প্ৰস্তাৱ দি বলাত্‍কাৰত অভিযুক্ত টিকটক ষ্টাৰ ভিগনেশ গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:June 13, 2021, 7:38 PM IST
TikTok Crime: নাবালিকাক বিয়াৰ প্ৰস্তাৱ দি বলাত্‍কাৰত অভিযুক্ত টিকটক ষ্টাৰ ভিগনেশ গ্ৰেপ্তাৰ
ভাৰতত এতিয়া নিষিদ্ধ চিনা এপ টিকটক। তাৰ পূৰ্বে টিকটকত নানা ধৰণৰ ভিডিঅ’ কৰি জনপ্ৰিয়তা লাভ কৰিছিল ভিগনেছে।

ভাৰতত এতিয়া নিষিদ্ধ চিনা এপ টিকটক। তাৰ পূৰ্বে টিকটকত নানা ধৰণৰ ভিডিঅ’ কৰি জনপ্ৰিয়তা লাভ কৰিছিল ভিগনেছে।

  • Share this:
নাবালিকাক ধৰ্ষণ কৰি অন্তঃসত্ত্বা কৰাৰ অভিযোগ এজন টিকটক ষ্টাৰৰ বিৰুদ্ধে। ১৯ বছৰীয়া অম্বালী ওৰফে ভিগনশ কৃষ্ণাক (Vignesh Krishna)ক গ্ৰেপ্তাৰ কৰিছে কেৰালাৰ ত্ৰিশূৰ জিলাৰ আৰক্ষীয়ে। পকছো আইনত ভিগনেশৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰ অনুসৰি, ছচিয়েল মিডিয়াৰ মাধ্যমেৰে ভিগনেশৰ সৈতে নাবালিকাগৰাকীৰ যোগাযোগ হৈছিল। তাৰ পিছতে দেখা কৰা আৰম্ভ কৰিছিল তেওঁলোকে। বিয়াৰ প্ৰতিশ্ৰুতি দি নাবালিকাগৰাকীৰ ভিগনেশে ধৰ্ষণ কৰাৰ অভিযোগ। নিজৰ ঘৰলৈ নি দীৰ্ঘদিন নাবালিকাগৰাকীক ধৰ্ষণৰ অভিযোগ উঠিছে।

নাবালিকাগৰাকী গৰ্ভৱতী হোৱাৰ পিছত ভিগনেছৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে পিতৃ–মাতৃয়ে। তাৰ পিছৰে পৰা পলাতক ভিগনেশ। আৰক্ষীয়ে তদন্তত জানিব পাৰে যে কিছুদিন পূৰ্বে পাছপ’ৰ্টৰ বাবে আবেদন কৰিছিল ভিগনেশে। সেই পাছপ’ৰ্ট দিয়াৰ কৌশলেৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিগনেশক।

ভাৰতত এতিয়া নিষিদ্ধ চিনা এপ টিকটক। তাৰ পূৰ্বে টিকটকত নানা ধৰণৰ ভিডিঅ’ কৰি জনপ্ৰিয়তা লাভ কৰিছিল ভিগনেছে।
Published by: Sanjay Kumar Das
First published: June 13, 2021, 7:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি