দেশত বন্ধ হ’ল টিকটক সহ ৫৯টা এপ, টিকটক ইণ্ডিয়াৰ মুৰব্বী নিখিল গান্ধীয়ে দিলে এই প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:June 30, 2020, 12:18 PM IST
দেশত বন্ধ হ’ল টিকটক সহ ৫৯টা এপ, টিকটক ইণ্ডিয়াৰ মুৰব্বী নিখিল গান্ধীয়ে দিলে এই প্ৰতিক্ৰিয়া
উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ এই সিদ্ধান্ত অন্তৰ্ৱৰ্তী কালীন । এতিয়া তথ্য আৰু অনাতাঁৰ মন্ত্ৰালয়ে এজন যুটীয়া সচিবৰ অধীনত এখন কমিটী গঠন কৰিব যত আন মন্ত্ৰণালয়ৰো প্ৰতিনিধিও উপস্থিত থাকিব।

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ এই সিদ্ধান্ত অন্তৰ্ৱৰ্তী কালীন । এতিয়া তথ্য আৰু অনাতাঁৰ মন্ত্ৰালয়ে এজন যুটীয়া সচিবৰ অধীনত এখন কমিটী গঠন কৰিব যত আন মন্ত্ৰণালয়ৰো প্ৰতিনিধিও উপস্থিত থাকিব।

  • Share this:
দেশত বন্ধ হ’ল চীন দেশৰ ৫৯টা এপ। তাৰ মাজত আছে বহু জনপ্ৰিয় টিকটক নামৰ এপটোও । ভাৰত চৰকাৰে দেশৰ ঐক্য, সৰ্বভৌমত্ব, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু আইন শৃংখলা প্ৰতি ভাবুকি বুলি আখ্যা দি বন্ধ কৰিলে এই মোবাইল এপ সমূহ । ইতিমধ্যে টিকটক ইণ্ডিয়াই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এক প্ৰেছ বার্তাত টিকটক ইণ্ডিয়াৰ মূৰব্বী নিখিল গান্ধীয়ে জনোৱা মতে মোবাইল এপটোৱে কোনো ভাৰতীয় ব্যৱহাৰকাৰীৰ তথ্য বিদেশী চৰকাৰক প্ৰদান কৰা নাই আৰু ভাৰতীয় আইনৰ অধীনত তথ্যৰ গোপনীয়তা বর্তাই ৰাখিছে । টিকটক ইণ্ডিয়াই গোপনীয়তা আৰু সততাক সদায় আগ স্থান দি  আহিছে বুলিও কয় গান্ধীয়ে ।

টিকটক ইণ্ডিয়া ১৪টা ভাৰতীয় ভাষাত উপলব্ধ আৰু এই মোবাইল এপ বহু লক্ষ লোকৰ আমদানিৰ গণতান্ত্ৰিক মাধ্যম আছিল বুলিও ক’ব  খোজে নিখিল গান্ধীয়ে । ভাৰত চৰকাৰে নিজ পক্ষ ৰাখিবলৈ টিক টকৰ প্ৰতিনিধিক আমন্ত্ৰণ কৰিছে।



উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ এই সিদ্ধান্ত অন্তৰ্ৱৰ্তী কালীন । এতিয়া তথ্য আৰু অনাতাঁৰ মন্ত্ৰালয়ে এজন যুটীয়া সচিবৰ অধীনত এখন কমিটী গঠন কৰিব যত আন মন্ত্ৰণালয়ৰো প্ৰতিনিধিও উপস্থিত থাকিব। এপ সমূহৰ ভাৰতীয় প্ৰতিনিধিয়ে এই কমিটীত নিজৰ পক্ষ ৰাখিবলৈ সুবিধা পাব ।

এই এপ সমূহৰ চাৰ্বাৰ চিংগাপুৰত থকা আৰু চীনলৈ তথ্য নোযোৱাৰ কথাটো গৃহ মন্ত্ৰণালয়ে নিজৰ প্ৰতিবেদনত ইতিমধ্যে খণ্ডন কৰিছে ।
First published: June 30, 2020, 12:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading