নিৰ্ভয়া দলৱদ্ধ বলাৎকাৰঃ কেতিয়া হ’ব ৪পাষণ্ডৰ ফাঁচি? পাটিয়ালা হাউচ ক’ৰ্টৰে যোগাযোগ তিহাৰ জেলৰ

News18 Assam | News18-Assam
Updated:February 1, 2020, 3:49 PM IST
নিৰ্ভয়া দলৱদ্ধ বলাৎকাৰঃ কেতিয়া হ’ব ৪পাষণ্ডৰ ফাঁচি? পাটিয়ালা হাউচ ক’ৰ্টৰে যোগাযোগ তিহাৰ জেলৰ
এতিয়া কি বিকল্প বাকী?

এতিয়া কি বিকল্প বাকী?

  • Share this:
দুবাৰকৈ ফাঁচি স্থগিত হোৱাৰ পিছত নতুনকৈ ফাঁচিৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ পাটিয়ালা হাউচ ক’ৰ্টৰ সৈতে সম্পৰ্ক কৰিব তিহাৰ জেলে। ৰাষ্ট্ৰপতিয়ে বিনয়ৰ ক্ষমা ভিক্ষাৰ আৱেদন খাৰিজ কৰাৰ পিছত নতুনকৈ ফাঁচিৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ তৎপৰতা প্ৰকাশ কৰিছে তিহাৰ জেল প্ৰশাসনে।

উল্লেখযোগ্য যে ২০১২চনৰ নিৰ্ভয়া গেংগৰেপ কাণ্ডৰ দোষী অক্ষয় ঠাকুৰে এইবাৰ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা ভিক্ষাৰ আৱেদন কৰিছে। ইয়াৰ পূৰ্বে দুটা দোষীৰ আৱেদন ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিছে। শুকুৰবাৰে দোষী বিনয় শৰ্মাৰ ক্ষমা আৱেদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে খাৰিজ কৰে।



ইয়াৰ পূৰ্বে দোষী মুকেশ সিঙৰ ক্ষমা আৱেদন ৰাষ্ট্ৰপতিয়ে ১৭জানুৱাৰীত খাৰিজ কৰিছিল। মুকেশে ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল। সৰ্বোচ্ছ ন্যায়ালয়ে এই প্ৰত্যাহ্বান খাৰিজ কৰে। এতিয়া বিনয় শৰ্মাৰো ক্ষমা আৱেদন ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিছে। ইয়াৰ পূৰ্বে মুকেশ সিঙৰো ক্ষমা আৱেদন ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত আৱেদন কৰি মুখ ঠেকেচা খাইছিল দোষীয়ে।

এতিয়া নিৰ্ভয়াৰ চাৰিওটা অপৰাধীৰ ভিতৰত মুকেশ সিং আৰু বিনয় শৰ্মাৰ ফাঁচিৰ পৰা ৰক্ষা পোৱাৰ আইনী বিকল্প (কিউৰেটিভ পেটিচন আৰু ক্ষমা আৱেদন) সমাপ্ত হৈছে। আনহাতে অক্ষয় ঠাকুৰৰ কিউৰেটিভ পেটিচন খাৰিজ হৈছে। অক্ষয়ে এতিয়ালৈকে ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আৱেদন কৰা নাই। চতুৰ্থটো দোষী পৱন গুপ্তাই কিউৰেটিভ পেটিচন দাখিল কৰা নাই আৰু ৰাষ্ট্ৰপতিৰ ওচৰতো ক্ষমা আৱেদন কৰা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি