তিহাৰ জে’লত মণিপুৰৰ মহিলা কয়দীৰ বিউটী পাৰ্লাৰ

তিহাৰত সোমোৱাৰ আগতে মহিলাগৰাকী বেংগালুৰু আৰু দিল্লীত বিউটী পাৰ্লাৰ চলাইছিল।

News18-Assam
Updated:September 8, 2019, 5:13 PM IST
তিহাৰ জে’লত মণিপুৰৰ মহিলা কয়দীৰ বিউটী পাৰ্লাৰ
তিহাৰত সোমোৱাৰ আগতে মহিলাগৰাকী বেংগালুৰু আৰু দিল্লীত বিউটী পাৰ্লাৰ চলাইছিল।
News18-Assam
Updated: September 8, 2019, 5:13 PM IST
পাৰ্থজ্যোতি বৰা : দিল্লীৰ তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ জে’ল নম্বৰ ৬ৰ বিউটী পাৰ্লাৰত শুকুৰবাৰে বিৰাজ কৰে এক উখল–মাখল পৰিৱেশে। মহিলা কয়দীৰ ঠিকনা হৈছে এই জে’ল নম্বৰ ৬। শনিবাৰে কয়দীসকলক সাক্ষাৎ কৰিবলৈ আহে পৰিয়ালৰ লোক, শুভাকাংক্ষী। সেয়ে কয়দীসকলে শুকুৰবাৰে বিউটী পাৰ্লাৰত নিজকে দেখনিয়াৰ কৰি তোলে।

তিহাৰ জে’লৰ এই অত্যাধুনিক বিউটী পাৰ্লাৰখন পৰিচালনা কৰে মণিপুৰৰ এগৰাকী ৩৪ বছৰীয়া মহিলাই। দুবছৰৰ আগতে ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল মহিলাগৰাকী। এতিয়াও তেওঁ ন্যায়িক জিম্মাত। তিহাৰত সোমোৱাৰ আগতে মহিলাগৰাকী বেংগালুৰু আৰু দিল্লীত বিউটী পাৰ্লাৰ চলাইছিল। অভিজ্ঞতাপুষ্ট মহিলাগৰাকীয়ে এতিয়া নিজ হাতৰ পৰশেৰে সৌন্দৰ্যচৰ্চাৰ সকলো উপাদান আগবঢ়ায় মহিলা কয়দীসকলক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি