এতিয়াও অঞ্চলটোত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ অভিযান। অঞ্চলটোত আৰু সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ কৰা হৈছে।
এতিয়াও অঞ্চলটোত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ অভিযান। অঞ্চলটোত আৰু সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ কৰা হৈছে।
জম্মু–কাশ্মীৰৰ পুলৱামাৰ ত্ৰালত নিশা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় তিনিটা সন্ত্ৰাসবাদী। বহু সময় ধৰি দুয়োপক্ষৰ মাজত চলে গুলীয়াগুলি। সন্ত্ৰাসবাদীৰ দলটোৰ হাতত বহু পৰিমাণৰ মাৰণাস্ত্ৰ মজুত থকাত বহু সময় ধৰি গুলীবৰ্ষণ অব্যাহত থাকে।
সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা ঠাইখিনি ঘেৰাও কৰি লয় নিৰাপত্তাৰক্ষীয়ে। তাৰ পিছতে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী তিনিটা। এতিয়াও অঞ্চলটোত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ অভিযান। অঞ্চলটোত আৰু সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|