কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী, নিহত হ’ল জাকিৰ মুছাৰ উত্তৰাধিকাৰী

News18-Assam
Updated:October 23, 2019, 1:49 PM IST
কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী, নিহত হ’ল জাকিৰ মুছাৰ উত্তৰাধিকাৰী
Photo : News18 Hindi

২০১৬ চনত জাকিৰ মুছাৰ পিছত সক্ৰিয়ভাৱে এই গ্ৰুপটোৰ দায়িত্ব চম্ভালিছিল লালহাৰীয়ে।

  • Share this:
জম্মু–কাশ্মীৰত সেনা আৰু আৰক্ষীৰ গুলীত নিহত হয় তিনি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। মঙলবাৰে ত্ৰালত সংঘটিত হোৱা সংঘৰ্ষত নিহত হোৱা সন্ত্ৰাসবাদীকেইটাৰ ভিতৰত আছে গজৱত–উল–হিন্দৰ মুৰব্বী হামিদ লালহাৰীও আছে। ২০১৬ চনত জাকিৰ মুছাৰ পিছত সক্ৰিয়ভাৱে এই গ্ৰুপটোৰ দায়িত্ব চম্ভালিছিল লালহাৰীয়ে।

আজি জম্মু–কাশ্মীৰৰ DGP দিলবাগ সিঙে এই সংঘৰ্ষ সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে। DGPগৰাকীয়ে কয় যে ত্ৰালত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে তিনি সন্ত্ৰাসবাদী। নিহত আটাইকেইটা স্থানীয় সন্ত্ৰাসবাদী আছিল। ইয়াৰ ভিতৰত আছে লালহাৰীও।


দিলবাগ সিঙে কয় যে জাকিৰ মুছাৰ পিছত এই গ্ৰুপটোৰ দায়িত্ব চম্ভালিছিল হামিদ লালহাৰীয়ে। তিনিওটা সন্ত্ৰাসবাদীয়ে জইছ–ই–মহম্মদৰ সৈতে কাম কৰি আছিল।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


 
First published: October 23, 2019, 1:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি