মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰথমখন কেবিনেট বৈঠকত গোৱাৰ লোকসকলক বিনামূলীয়াকৈ তিনিটা চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে।
মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰথমখন কেবিনেট বৈঠকত গোৱাৰ লোকসকলক বিনামূলীয়াকৈ তিনিটা চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে।
গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ হোৱা দেখা গ'ল প্ৰমোদ সাৱন্তক। মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰথমখন কেবিনেট বৈঠকত গোৱাৰ লোকসকলক বিনামূলীয়াকৈ তিনিটা চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি আঁচনিখন অতি সোনকালেই কাৰ্যকৰী কৰা হ'ব।
আনহাতে, কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ নিৰ্দলীয় আৰু এনজিপিৰ সহায়ত বিজেপিক শ’লঠেকত পেলোৱাৰ প্ৰস্তুতি চলাইছে যদিও মুখ্যমন্ত্ৰীয়ে এই সকলো জল্পনা-কল্পনা নাকচ কৰিছে। কংগ্ৰেছে এলেক্স চেকুয়েৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আনহাতে বিজেপিয়ে ৰমেশ তাভদকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
শেহতীয়াকৈ ৪০ জনীয়া গোৱা বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ২০খন আসনত জয়েৰে নেতৃত্ব দিয়া তিনিবাৰৰ বিধায়ক প্ৰমোদ সাৱন্তে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ ৰাজভৱনৰ পৰা চাৰি কিলোমিটাৰ দূৰত ৰাজ্যৰ ৰাজধানী পানাজীৰ ওচৰৰ বাম্বোলিমৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত সাৱন্তে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ আন আঠজন বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানটোত দহ হাজাৰৰো অধিক লোক উপস্থিত আছিল।
অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু শ্ৰীপদ নায়ক, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰলেকাৰ (যি গোৱাৰ বাসিন্দা) আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ (যি গোৱা নিৰ্বাচনৰ দায়িত্বত আছিল) আৰু কেইবাজনো নেতা উপস্থিত আছিল।
উল্লেখযোগ্য যে দ্বিতীয়বাৰৰ বাবে গোৱাৰ মুখ্যমন্ত্ৰীয়ে ৰাজভৱনৰ বাহিৰত শপত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে, ২০১২ চনত বিজেপি সদনত একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত মনোহৰ পাৰিকৰে ৰাজ্যৰ ৰাজধানী পানাজীৰ কেম্পাল অঞ্চলৰ এখন খেলপথাৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|