২০২০চনৰ আগমনৰ সময়ত চাগৈ বিশ্ববাসীয়ে ভুকে পোৱা নাছিল যে গোটেই বছৰটোৰ কাৰণেই এক অদৃশ্য শত্ৰুয়ে অমানিশা নমাই আনিব। আনহাতে ২০২০ চনৰ প্ৰথম মাহটোৰ দেশত প্ৰণয়ন হৈছিল এখন নতুন আইন – নাগৰিকত্ব সংশোধনী আইন বা চমুকৈ CAA। অসম তথা উত্তৰ-পূৰ্বত ২০১৬ চনত এই আইনৰ খচৰা প্ৰস্তুত কৰাৰ পৰাই বিৰোধ প্ৰদৰ্শন হৈছিল যদিও দেশৰ আন প্ৰান্তত ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদৰ উভয় সদনে বিধেয়ক গৃহীত কৰাৰ পিছতহে প্ৰতিবাদৰ সূত্ৰপাত হৈছিল। দেশৰ ৰাজধানী দিল্লীতো সব্যস্ত হৈছিল প্ৰতিবাদ। পোনতে দিল্লী-নয়দা সংযোগী এটা পথৰ মাজতে প্ৰতিবাদ সাব্যস্ত হৈছিল। এই স্থানৰ পৰা প্ৰতিবাদ বিয়পি পৰিছিল দিল্লীৰ আন স্থানলৈ। উত্তৰ পূব দিল্লীত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল, এক প্ৰকাৰ সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰ হৈছিল য’ত ৫৩জন লোকৰ প্ৰাণ গৈছিল।
এই সংঘৰ্ষত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেবাংগনা কলিতাক। সংঘৰ্ষৰ মূল অভিযুক্ত হিচাপে চিহ্নিত কৰি মে’ৰ ২৪ তাৰিখে তলাবন্ধৰ মাজতে কলিতাক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে। আৰক্ষীয়ে চাৰিখন নিজাববীয়া FIRৰ ভিত্তিত চাৰিবাৰ গ্ৰেপ্তাৰ কৰিছিল দেবাংগনাক। আৰক্ষীয়ে দেবাংগনাৰ বিৰুদ্ধে ৩৩ধৰণৰ গোচৰ ৰুজু কৰিছিল। সন্ত্ৰাসবাদ দমনৰ কাৰণে ব্যৱহৃত UAPAৰ অধীনতো দেবাংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। এতিয়াও গোটেইকেইটা গোচৰত জামিন নোপোৱাৰ বাবে তিহাৰ জেলতে দিন কটাইছে জেএনইউৰ ছাত্ৰীগৰাকীয়ে। ২০২০ চনত সমগ্ৰ দেশৰে সংবাদ মাধ্যমত স্থান লাভ কৰিছিল দেবাংগনাই; আৰু এতিয়াও আদালতৰ শুনানিসমূহ বহুলভাৱে প্ৰকাশ পায়।
২০২০ বৰ্ষত দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা আন এজন অসমীয়া হৈছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ২০১৯ চনৰ নৱেম্বৰ মাহত অৱসৰৰ প্ৰাকমুহূৰ্তত ৰঞ্জন গগৈয়ে অযোধ্যা ভূমি বিবাদৰ চূড়ান্ত ৰায় প্ৰদান কৰি বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছিল। তেওঁৰ এই ৰায়ে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। অৱশ্যে ২০২০ চনত তেওঁ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৰাজসভাৰ সদস্য পদ গ্ৰহণ কৰি। ৰাষ্ট্ৰপতিয়ে তেওঁক সেই পদৰ কাৰণে মনোনীত কৰিছিল। তলাবন্ধৰ মাথোঁ কিছুদিন পূৰ্বে ২০২০ চনৰ ১৯ মাৰ্চ তাৰিখে ৰাজ্যসভাৰ সদস্য হিচাপে শপত লৈছিল গগৈয়ে। একাংশই তেওঁক ন্যায়পালিকাৰ পৰা অৱসৰ লোৱাৰ পিছত 'চৰকাৰী পদবী' গ্ৰহণ কৰাত সমালোচনাও কৰিছিল। তেওঁ শপত গ্ৰহণ কৰি থকাৰ সময়তে বিৰোধী দলৰ সদস্যসকলে শ্লোগান দিয়াও পৰিলক্ষিত হৈছিল।
২০২০ বৰ্ষত সমগ্ৰ দেশ জোকাৰিবলৈ সক্ষম হোৱা আনজন অন্যতম অসমীয়া হৈছে অৰ্ণব গোস্বামী। গোস্বামী ইংৰাজী আৰু হিন্দী বাতৰি পৰিবেশন কৰা এটা সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। তেওঁৰ বিৰুদ্ধে অসৎ উপায়েৰে ধনৰ বিনিময়ত TRPৰ তথ্য হেৰফেৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। টিভিৰ অনুষ্ঠানৰ দৰ্শকৰ পৰিসংখ্যা প্ৰদান কৰা প্ৰতিষ্ঠান BARCৰ বিষয়াক উপঢৌকন প্ৰদান কৰি নিজৰ টিভি চেনেল প্ৰথম স্থানত ৰখাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মুম্বাই আৰক্ষীয়ে।
উল্লেখযোগ্য যে আত্মহত্যাৰ উচটনি দিয়াৰ গোচৰত গোস্বামীক মহাৰাষ্ট্ৰ আৰক্ষীয়ে ২০২০ চনৰ ৪ নৱেম্বৰ তাৰিখে গ্ৰেপ্তাৰ কৰিছিল। প্ৰায় এক সপ্তাহ জে’লৰ ভাত খোৱাৰ অন্তত উচ্চতম ন্যায়ালয়ে গোস্বামীক জামিন প্ৰদান কৰিছিল। শীৰ্ষ পৰ্যায়ৰ সাংবাদিক নিজে বাতৰিৰ অংশ হোৱা এই নজিৰ বিহীন ঘটনা ঘটিল কালিকা লগা ২০২০ বৰ্ষত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 31, 2020, 12:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|