ৰাজধানী দিল্লীত প্ৰৱেশ কৰিছে জইছ–ই–মহম্মদৰ ৩–৪ জনীয়া আত্মঘাতী সন্ত্ৰাসবাদীৰ এটা দল। চোৰাংচোৱাৰ এই তথ্যৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দিল্লীত। চোৰাংচোৱা তথ্য অনুসৰি, জইছ–ই–মহম্মদৰ আত্মঘাতী সন্ত্ৰাসবাদীৰ তিনি–চাৰিজনীয়া এটা দল দিল্লীত আত্মগোপন কৰি আছে।
আটাইকেইটা সন্ত্ৰাসবাদীৰ হাতত অত্যাধুনিক মাৰণাস্ত্ৰ আছে বুলি কোৱা হৈছে। চোৰাংচোৱাৰ তথ্যৰ পিছতে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে কেইবাটাও অঞ্চলত চলাইছে অভিযান।
সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকাত দিল্লী আৰক্ষীয়ে জাৰি কৰিছে সতৰ্কবাণী। ৰাজহুৱা স্থানত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্তা। বিশেষ বাছ আস্থান, ৰে’ল ষ্টেচন আৰু মেট্ৰ’ ষ্টেচনসমূহত নিয়োগ কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|