
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীলৈ ভাবুকি প্ৰদান কৰিছিল দুষ্কৃতিকাৰীয়ে। ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ কোনো অজ্ঞাত ব্যক্তিয়ে ফোন কৰি প্ৰদান কৰে এই ভাবুকি।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীলৈ ভাবুকি প্ৰদান কৰিছিল দুষ্কৃতিকাৰীয়ে। ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ কোনো অজ্ঞাত ব্যক্তিয়ে ফোন কৰি প্ৰদান কৰে এই ভাবুকি।
মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক ভাবুকি দিয়া সন্দৰ্ভত এজনক আটক। মুম্বাই ক্ৰাইম ব্ৰাঞ্চে বোৰীৱলী এম এইচ বি কলনীৰ পৰা এজন লোকক আটক কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকজনে নিজকে দহিসৰৰ বাসিন্দা বুলি উল্লেখ কৰিছে। চিআৰপিএফৰ নিৰাপত্তাৰক্ষী উপস্থিত হৈছে ডি বি মাৰ্গ আৰক্ষী থানাত। তেওঁলোক আণ্টিলিয়াৰ নিৰাপত্তাৰ অংশ। আণ্টিলিয়াত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী।
উল্লেখযোগ্য যে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীলৈ ভাবুকি প্ৰদান কৰিছিল দুষ্কৃতিকাৰীয়ে। ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ কোনো অজ্ঞাত ব্যক্তিয়ে ফোন কৰি প্ৰদান কৰে এই ভাবুকি। মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক ফোনযোগে ভাবুকি প্ৰদান কৰে ফোনযোগে। ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই এই ঘটনাক লৈ স্থানীয় ডি বি মাৰ্গ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|