চৰকাৰৰ নতুন সিদ্ধান্ত, যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ থকা কৰ্মচাৰীয়ে লাভ নকৰিব বনাচ 

News18 Assam | News18-Assam
Updated:October 31, 2020, 2:12 PM IST
চৰকাৰৰ নতুন সিদ্ধান্ত, যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ থকা কৰ্মচাৰীয়ে লাভ নকৰিব বনাচ 
যৌন নিৰ্যাতনত অভিযুক্ত চাকৰিয়ালে হেৰুৱাব লগীয়া হ’ব পাৰে বছেৰেকীয়া বনাচ।

যৌন নিৰ্যাতনত অভিযুক্ত চাকৰিয়ালে হেৰুৱাব লগীয়া হ’ব পাৰে বছেৰেকীয়া বনাচ।

  • Share this:
যৌন নিৰ্যাতনত অভিযুক্ত চাকৰিয়ালে হেৰুৱাবলগীয়া হ’ব পাৰে বছেৰেকীয়া বনাচ। কেন্দ্ৰীয় চৰকাৰে এই দিশত প্রস্তুত কৰি আছে নতুন বেতন বিধি (Wage Code)। চৰকাৰে শীঘ্ৰে এই সন্দৰ্ভত জাৰি কৰিব ৰাজপত্ৰিত জাননী। পূৰ্বৰ Payment Bonus Act 1965ৰ সংশোধনী ঘটাই অনা হ’ব এই নতুন নিয়ম।  দিল্লীৰ পৰা প্রকাশিত ইংৰাজী দৈনিক 'দ্যা হিন্দু'ত শনিবাৰে প্ৰকাশ পাইছে এই বাতৰি ।

‘Team lease Services’ৰ কাৰ্যবাহী উপ সভাপতি ঋতুপূৰ্ণা চক্ৰৱৰ্তীয়ে চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনাইছে। এই নতুন নিয়মে যিকোনো প্ৰতিষ্ঠানৰে বিষয়া কৰ্মচাৰীয়ে আচৰণত শালীনতা অনাত সহায়ক হ’ব বুলি বাতৰি কাকত খনক জনাই চক্ৰৱৰ্তীয়ে। Prevention of Sexual Harassment 2013 আইনখন এই নতুন নিয়মৰ যোগেদি অধিক ফলপ্ৰসূ হ’ব বুলিও মন্তব্য কৰে চক্ৰৱৰ্তীয়ে ।
Published by: Himangshu Bhuyan
First published: October 31, 2020, 2:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি