• Home
  • »
  • News
  • »
  • nation
  • »
  • ৫৯টা চাইনীজ এপ নিষিদ্ধ কৰাৰ পিছত ইমান হাজাৰ ভাৰতীয় কৰ্মচাৰীৰ চাকৰি যাব!

৫৯টা চাইনীজ এপ নিষিদ্ধ কৰাৰ পিছত ইমান হাজাৰ ভাৰতীয় কৰ্মচাৰীৰ চাকৰি যাব!

প্ৰতীকী ছবি

প্ৰতীকী ছবি

এই চাইনীজ এপসমূহৰ (Chinese Apps) বেছিভাগ কোম্পানীত ১০ৰ পৰা ১২জন ভাৰতীয়ই কাম কৰে। কিন্তু ১০ৰ পৰা ১৫টা কোম্পানী এনে আছে য’ত ৪০০ৰ পৰা ৫০০ লোকে কাম কৰে।

  • Share this:
কেন্দ্ৰ চৰকাৰে জাৰি কৰা চীনা এপ নিষেধকৰণৰ পিছত ৫৯টা কোম্পানীত কাম কৰা কেবা হাজাৰ লোক নিবনুৱা হৈ পৰিব। কমেও ১০–১২হাজাৰ কৰ্মচাৰীয়ে এই এপসমূহত কাম কৰি থকাৰ তথ্য। উল্লেখ্য যে কেন্দ্ৰ চৰকাৰে ভাৰত–চীন সীমা সংঘাতৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে। আইটি মিনিষ্টাৰ ৰবিশংকৰ প্ৰসাদে টুইট কৰি জনায় যে, কেন্দ্ৰই বিভিন্ন উৎসৰ পৰা এই এপসমূহ ব্যৱহাৰ কৰাক লৈ সকীয়নি দিয়া হৈছিল। এই এপসমূহ ডাটা চিকিউৰিটী আৰু প্ৰাইভেচীৰ কাৰণে বিপজ্জনক আছিল। ইয়াৰ কাৰণে এই এপসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়।



উল্লেখ্য যে, এই চাইনীজ এপসমূহৰ (Chinese Apps) বেছিভাগ কোম্পানীত ১০ৰ পৰা ১২জন ভাৰতীয়ই কাম কৰে। কিন্তু ১০ৰ পৰা ১৫টা কোম্পানী এনে আছে য’ত ৪০০ৰ পৰা ৫০০ লোকে কাম কৰে। TikTok Apps, শ্বেয়াৰ ইট, UC Browser, হেল’, বিগ’ লাইভ, চেল্ফীচিটী, মেল মাষ্টাৰ, পেৰেলেল স্পেচ, Mi Video Call -Xiaomi, আৰু WeSyncৰ দৰে এপ ভাৰতত যথেষ্ট জনপ্ৰিয়।
First published: