
Source-Google
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে, তাৰ মাজতে মেঘালয়ৰ ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। অসমৰ লগতে মেঘালয়তো আন্দোলনকাৰীক দমন কৰাৰ উদ্দেশ্যে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। চাৰিওফালে বলৱৎ কৰা হৈছে সান্ধ্য আইন। সেইসময়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা সকলক চৰম তাচ্ছিল্য কৰিছে মেঘালয়ৰ ৰাজ্যপাল তাথাগত ৰয়ে। ৰয়ে নাগৰিকত্ব সংশোধনী আইন সমৰ্থন নকৰা সকলক গণতন্ত্ৰৰ পৰিপন্থী আখ্যা দি উত্তৰ কোৰিয়ালৈ গুছি যাবলৈ কয় ৰাজ্যপালগৰাকীয়ে।
ৰাজ্যপালগৰাকীয়ে টুইটাৰৰ জৰিয়তে কয় যে, ‘বৰ্তমান পৰিস্থিতিত দুটা কথা কেতিয়াও পাহৰি যোৱা অনুচিত যে প্ৰথম কথা দেশক এসময়ত ধৰ্মৰ নামত বিভাজিত কৰা হৈছিল আৰু দ্বিতীয়তে গণতন্ত্ৰ নিশ্চিতৰূপে বহুমাতৃক। যদি আপুনি এয়া নিবিচাৰে তেন্তে উত্তৰ কোৰিয়ালৈ গুচি যাওক’
উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ অসমত তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে চুবুৰীয়া মেঘালয়তো ইয়াৰ বিৰুদ্ধে ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|