• Home
  • »
  • News
  • »
  • nation
  • »
  • বছৰৰ আটাইতকৈ ডাঙৰ উৎসৱেৰে ভৰি আছে অক্টোবৰ ২০২২; জানো আহক

বছৰৰ আটাইতকৈ ডাঙৰ উৎসৱেৰে ভৰি আছে অক্টোবৰ ২০২২; জানো আহক

দশমী, দেৱালী, ধনতেৰাছ, ষট পূজা, শাৰদীয় পূৰ্ণিমা, ভাই দুজ, গোবৰ্ধন পূজা আদি সকলো গুৰুত্বপূৰ্ণ উৎসৱ অক্টোবৰ মাহত পৰিব সেয়েহে অক্টোবৰ মাহটো উৎসৱেৰে ভৰি আছে।

দশমী, দেৱালী, ধনতেৰাছ, ষট পূজা, শাৰদীয় পূৰ্ণিমা, ভাই দুজ, গোবৰ্ধন পূজা আদি সকলো গুৰুত্বপূৰ্ণ উৎসৱ অক্টোবৰ মাহত পৰিব সেয়েহে অক্টোবৰ মাহটো উৎসৱেৰে ভৰি আছে।

দশমী, দেৱালী, ধনতেৰাছ, ষট পূজা, শাৰদীয় পূৰ্ণিমা, ভাই দুজ, গোবৰ্ধন পূজা আদি সকলো গুৰুত্বপূৰ্ণ উৎসৱ অক্টোবৰ মাহত পৰিব সেয়েহে অক্টোবৰ মাহটো উৎসৱেৰে ভৰি আছে।

  • Share this:
ইংৰাজী বৰ্ষৰ দশম মাহ অক্টোবৰ। এই মাহত আহিন মাহ আৰু কাৰ্তিক মাহৰ অসমীয়া তথা হিন্দী কেলেণ্ডাৰৰ তাৰিখ পৰিছে। এই বছৰৰ সকলো মুখ্য উৎসৱ অক্টোবৰ ২০২২ত পৰিছে। দশমী, দেৱালী, ধনতেৰাছ, ষট পূজা, শাৰদীয় পূৰ্ণিমা, ভাই দুজ, গোবৰ্ধন পূজা আদি সকলো গুৰুত্বপূৰ্ণ উৎসৱ অক্টোবৰ মাহত পৰিব সেয়েহে অক্টোবৰ মাহটো উৎসৱেৰে ভৰি আছে। এই মাহটোত দেশত আটাইতকৈ বেছি বন্ধ থাকিব। ইয়াৰোপৰি একাদশী, প্ৰদোষ, পূৰ্ণিমা, অমাৱস্যা, চতুৰ্থীৰ দৰে মাহিলী উপবাসো আছে অক্টোবৰত।

অক্টোবৰ ২০২২ৰ কেতিয়া আৰু কোন দিনা এই উপবাস আৰু উৎসৱবোৰ পৰিছে জানো আহক–

অক্টোবৰ ১: শনিবাৰে নৱৰাত্ৰিৰ ষষ্ঠ দিন, দেৱী কাতিয়ানী পূজা।

অক্টোবৰ ২: দেওবাৰে মহা সপ্তমী আৰু দেৱী কালৰাত্ৰি পূজা।

অক্টোবৰ ৩: সোমবাৰে মহাষ্টমী পূজা, দুৰ্গা অষ্টমী, কন্যা পুজন।

অক্টোবৰ ৪: মঙলবাৰে নৱৰাত্ৰি পাৰন, দুৰ্গা নৱমী।

অক্টোবৰ ৫: বুধবাৰে দশমী, ৰাৱণৰ পুত্তলিকা দাহ, বিজয়া দশমী, দুৰ্গা দেৱীৰ মূৰ্তি বিসৰ্জন।

অক্টোবৰ ৬: বৃহস্পতিবাৰে পাপনকুশা একাদশী ব্ৰত।

অক্টোবৰ ৭: শুক্ৰবাৰে প্ৰদোষ ব্ৰত।

অক্টোবৰ ৯: দেওবাৰে কোজাগৰ পূৰ্ণিমা ব্ৰত, শৰদ পূৰ্ণিমা, আহিন পূৰ্ণিমা ব্ৰত।

অক্টোবৰ ১৩: বৃহস্পতিবাৰে সংকস্তি চতুৰ্থী ব্ৰত, কৰৱা চৌথ ব্ৰত।

অক্টোবৰ ১৭: সোমবাৰে আহোই অষ্টমী ব্ৰত, তুলা সংক্ৰান্তি।

অক্টোবৰ ২১: শুক্ৰবাৰে ৰামা একাদশী ব্ৰত।

অক্টোবৰ ২২: শনিবাৰ শনি প্ৰদোষ ব্ৰত।

অক্টোবৰ ২৩: দেওবাৰে মাহিলি শিৱৰাত্ৰি, ধনতেৰাছ।

অক্টোবৰ ২৪: সোমবাৰে দেৱালী, লক্ষ্মী পূজা, নৰক চতুৰ্দশী।

অক্টোবৰ ২৫: মঙলবাৰে সূৰ্যগ্ৰহণ, কাৰ্তিক অমাৱস্যা।

অক্টোবৰ ২৬: বুধবাৰে গোবৰ্ধন পূজা, ভাই দুজ।

অক্টোবৰ ৩০: দেওবাৰ ষট পূজা।

সকলোৱে বছৰজুৰি দেৱালী আৰু দশমীৰ দৰে ডাঙৰ উৎসৱৰ বাবে অপেক্ষা কৰে। এইবাৰ এই দুয়োটা ডাঙৰ উৎসৱ একেটা মাহ অক্টোবৰত পৰিছে। ইয়াৰোপৰি ষট পূজাও অক্টোবৰ মাহত পৰিছে। উল্লেখ্য যে, এই মাহটো উৎসৱৰ পৰা আৰম্ভ হৈ আৰু ই উৎসৱৰ সৈতে শেষ হ’ব। কাৰণ ১ অক্টোবৰ নৱৰাত্ৰিৰ ষষ্ঠ দিন আৰু ৩০ অক্টোবৰ হৈছে ষট পূজা।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি