দেশত কোৰোণাৰ দ্বিতীয় লহৰে জনতাৰ মাজত Lockdown আৰু চাকৰি সংক্ৰান্তীয় চিন্তা বঢ়াইছে। এনে সময়তে ষ্টাফিং কোম্পানী Genius Consultantsৰ এক চাৰ্ভেত চাকৰিয়ালৰ বাবে এক সকাহজনক খবৰ আহিছে। এই চাৰ্ভেৰ ৰিপৰ্ট অনুসৰি, কোম্পানীয়ে নিজৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ইনক্ৰিমেণ্ট ৫ৰ পৰা ১০ শতাংশ পৰ্যন্ত হ'ব পাৰে।
চাৰ্ভেত ১২০০টা কোম্পানীৰ নাম অন্তৰ্ভুক্ত হৈ আছিলঃ
Genius Consultantsৰ চাৰ্ভেত সমগ্ৰ দেশৰ ১২০০ কোম্পানী অন্তৰ্ভুক্ত হৈ আছিল। যাৰ ভিতৰত আধা কোম্পানীয়ে নিজৰ কৰ্মচাৰীৰ দৰমহা বঢ়োৱাৰ কথা উল্লেখ কৰিছে। ৫৯ শতাংশ কোম্পানীয়ে কৈছে যে, তেওঁলোক বৰ্তমান কৰ্মচাৰীৰ দৰমহা বঢ়োৱাৰ পক্ষত আছে।
২০ শতাংশ কোম্পানীয়ে কলে এই কথাঃ
চাৰ্ভেত ২০ শতাংশ কোম্পানীয়ে কৈছে যে, তেওঁলোকে কৰ্মচাৰীৰ দৰমহা বঢ়াব কিন্তু ৫ শতাংশতকৈও কম। সেইদৰে ২১ শতাংশ কোম্পানীয়ে ২০২১ত কোনো ধৰণৰ দৰমহা বৃদ্ধি নকৰে।
ফ্ৰেচাৰৰসকলেও লাভ কৰিব সুবিধাঃ৪৩ শতাংশ কোম্পানীয়ে কৈছে যে, তেওঁলোকে ফ্ৰেচাৰচ সকলক সুবিধা দিব বিচাৰে।
চাৰ্ভেত কোন কোন কোম্পানী চামিল আছিল?
Genius Consultantsৰ চাৰ্ভেত HR, IT, ITES, BPO লগতে বেংকিং এণ্ড ফাইনেন্স, কনষ্ট্ৰাকশ্যন আৰু ইঞ্জিনিয়াৰিং, এডুকেশ্যন, লজিষ্টিক হস্পিতেলিটি, মিডিয়া, ফাৰ্মা, মেডিকেল, পাৱাৰ এণ্ড এনাৰ্জী, ৰিয়েল এষ্ট্ৰেটৰ দৰে কোম্পানী অন্তৰ্ভুক্ত হৈ আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|