உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ভগৱানেই যেন শেষ ভৰষা! 'কোৰোণা দেৱী'ৰ মূৰ্তি নিৰ্মাণ কৰি এই প্ৰসিদ্ধ মন্দিৰত চলিছে পূজা-অৰ্চনা

    ভগৱানেই যেন শেষ ভৰষা! 'কোৰোণা দেৱী'ৰ মূৰ্তি নিৰ্মাণ কৰি এই প্ৰসিদ্ধ মন্দিৰত চলিছে পূজা-অৰ্চনা

    অতিমাৰী কোৰোণাৰ সংহাৰে দেশত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি কোৰোণা দেৱীৰ শৰণাপন্ন হৈছে তামিলনাডুৰ বাসিন্দা।

    অতিমাৰী কোৰোণাৰ সংহাৰে দেশত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি কোৰোণা দেৱীৰ শৰণাপন্ন হৈছে তামিলনাডুৰ বাসিন্দা।

    অতিমাৰী কোৰোণাৰ সংহাৰে দেশত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি কোৰোণা দেৱীৰ শৰণাপন্ন হৈছে তামিলনাডুৰ বাসিন্দা।

    • Share this:
    মহামাৰী কোৰোণাৰ দ্বিতীয় ঢৌৰ সংহাৰে দেশজুৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত এতিয়া ভয় শংকাত দিন কটাবলগীয়া হৈছে জনতাই। প্ৰতিদিনাই বাঢ়িছে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। হাস্পতালত নাটনি হৈছে বিচনাৰ। অভাৱ ঘটিছে অক্সিজেনৰ।

    দেশবাসীক এনে ভয়ংকৰ পৰিস্থিতিৰ পৰা মুক্ত কৰিবলৈ ঈশ্বৰৰ শৰণাপন্ন হৈছে একাংশ লোক। তামিলনাডুত সাজি উলিওৱা হৈছে  কোৰোণা দেৱীৰ মূৰ্তি। প্ৰতিদিন পুৱা-গধুলি কৰা হৈছে পূজা-অৰ্চনা। 

    তামিলনাডুৰ প্ৰসিদ্ধ কোয়াৱটুৰৰ কামচিপুৰী মন্দিৰ, ' কোৰোণা দেৱীৰ মূৰ্তিৰ আকৃতি দি পূজা কৰা হৈছে কোভিড মহামাৰীৰ সংহাৰৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ মন্দিৰটোৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। মন্দিৰটোৰ অধিনামৰ দায়িত্বত থকা শিৱলিংগশ্বৰে এই সম্পৰ্কত কৈছিল যে, 'মানুহক প্লেগ আদি ৰোগৰ পৰা সুৰক্ষিত কৰাৰ বাবে দেৱতা সৃষ্টি কৰাৰ এক পুৰণি অভ্যাস আছে। তামিলনাডুত এনে ধৰণে বহু দেৱতাৰ মন্দিৰ আছে। তাৰে ভিতৰত অন্যতম  কইম্বাটুৰৰ প্লেগ মাৰিয়াম্মান মন্দিৰ   মানুহে বিশ্বাস কৰিছিল যে, অতীততে দেৱতাসকলে প্লেগ আৰু কলেৰাৰ প্ৰাদুৰ্ভাৱৰ সময়ত নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰিছিল। আৰু এই বিশ্বাসক সৰোগত কৰিয়েই তামিলনাডুৰ এই মন্দিৰত কোৰোণা দেৱীৰ মূৰ্তি স্থাপনেৰে কৰা হৈছে পূজা -অৰ্চনা লগতে মন্দিৰত হোম যজ্ঞ কৰাৰো সিদ্ধান্ত লোৱা হৈছে। কিন্তু এই যজ্ঞত উপস্থিত থাকিব নোৱাৰিব সাধাৰণ লোক।

    উল্লেখ্য যে, দেশত অন্যান্য প্ৰান্তৰ লগতে তামিলনাডুতো বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা যাৰ পৰিপ্ৰেক্ষিততে তামিলনাডু চৰকাৰে কোৰোণা প্ৰতিৰোধৰ বাবে কঠোৰ লকডাউন ঘোষণা কৰিছিল
    Published by:Himangshu Bhuyan
    First published: