জম্মু-কাশ্মীৰ আৰক্ষীৰ সফলতা জম্মু-কাশ্মীৰ আৰক্ষীৰ সফলতা জম্মু-কাশ্মীৰ আৰক্ষীৰ সফলতা। আৰক্ষীৰ তত্পৰতাত পুলৱামা ঘটনাৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা। পুলৱামা জিলাৰ এখন গাড়ীৰ পৰা উদ্ধাৰ ৪৫ কেজি IED। জম্মু-কাশ্মীৰৰ আই জি বিজয় কুমাৰে ঘটনাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমক সম্বোধন কৰে। তেওঁ দাবী কৰে যে, নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি এক বৃহত্ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।
কিদৰে লাভ কৰিলে সফলতাঃ
বিজয় কুমাৰে কয় যে, পুলৱামা পুলিচে যোৱা এসপ্তাহৰ পৰা বিশেষ সুত্ৰ অনুসৰি খবৰ লাভ কৰিছিল যে, জেইছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনে কূটাঘাতৰ পৰিকল্পনা কৰি আছিল। ফলত আৰ্মী, পুলিচ আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকে সন্ত্ৰাস বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছিল। গাড়ীখনত ৪৫ কেজিৰ বিস্ফোৰক আছিল।
কিদৰে ধৰিলে গাড়ীখন-
বিজয় কুমাৰে কয় যে, এখন বগা ৰঙৰ চেণ্ট্ৰ’ত আছিল IED। এটা চেক পষ্ট পোৱাৰ আগত গাড়ীখন ৰখালে। কিছু সময়গাড়ীখন ৰৈ থকাত সন্দেহ হয় আৰক্ষীৰ। কিন্তু ছেগবুজি গাড়ীখনৰ ড্ৰাইভাৰজন পলাই যায়। ইয়াৰ পিছতে গাড়ীখনলৈ লক্ষ্য কিছুসময় গুলী বৰ্ষণ কৰে আৰক্ষীয়ে। পিছত গাড়ীখনত তালাচী চলাওতে উদ্ধাৰ হয় বৃহত্ পৰিমাণৰ IED। বৰ্তমান এই IED নিস্ক্ৰীয় কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দল। গাড়ীখনত দুছকীয়া বাহনৰ নম্বৰ প্লেট লগোৱা আছিল।
First published: May 28, 2020, 15:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|