• Home
  • »
  • News
  • »
  • nation
  • »
  • Lockdown in India: দেশত হ'ব নেকি তৃতীয়টো লকডাউন? হ'লে কি হ'ব ইয়াৰ ফৰ্মূলা, জানক কি কয় বিশেষজ্ঞই?

Lockdown in India: দেশত হ'ব নেকি তৃতীয়টো লকডাউন? হ'লে কি হ'ব ইয়াৰ ফৰ্মূলা, জানক কি কয় বিশেষজ্ঞই?

Lockdown in India: তৃতীয় লহৰৰ কোৰোণা সংক্ৰমণে পৰিস্থিতি ভয়াৱহ কৰি তুলিছে। এনে সময়ত সকলোৰে কৈতুহলহৈছে যে দেশত আকোৌ লকডাউন হ'ব নেকি?

Lockdown in India: তৃতীয় লহৰৰ কোৰোণা সংক্ৰমণে পৰিস্থিতি ভয়াৱহ কৰি তুলিছে। এনে সময়ত সকলোৰে কৈতুহলহৈছে যে দেশত আকোৌ লকডাউন হ'ব নেকি?

Lockdown in India: তৃতীয় লহৰৰ কোৰোণা সংক্ৰমণে পৰিস্থিতি ভয়াৱহ কৰি তুলিছে। এনে সময়ত সকলোৰে কৈতুহলহৈছে যে দেশত আকোৌ লকডাউন হ'ব নেকি?

  • Share this:
কৰোনা ভাইৰাছৰ তৃতীয় ঢৌ পাঁচগুণ দ্ৰুতগতিত বিয়পি আছে। দেশৰ সাতখন ৰাজ্যত সংক্ৰমণে বিস্ফোৰক ৰূপ ধাৰণ কৰিছে। অমিক্ৰনৰ দ্ৰুত সক্ৰমণে দেশত আকৌ লকডাউন হ'ব নেকি সেই কৌতূহলৰ সৃষ্টি কৰে। দেশৰ সাতখন ৰাজ্যৰ R ভেল্যু ৩ৰ ওপৰত আছে অৰ্থাৎ কোৰোণাৰ পৰিস্থিতি বিস্ফোৰক পৰ্যায়ত আছে।  যদি আপুনি দেশৰ আগৰ দুটা লকডাউনৰ প্ৰতি লক্ষ্য কৰে তেন্তে তেতিয়াৰ তুলনাত দেশৰ পৰিস্থিতি অধিক বেয়া হৈ আহিছে। প্ৰশ্ন উত্থাপিত হয় যে দেশত তৃতীয়বাৰৰ বাবে  লকডাউনৰ আশংকা আছে নেকি। চৰকাৰে তৃতীয় লকডাউনৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? অৱশ্যে এই ক্ষেত্ৰত চৰকাৰৰ ৰণনীতি কি হ'ব? কোৰোণাৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ প্ৰস্তুতি কি?

যশোদা হাস্পতালৰ চিকিৎসক পি এন অৰোৰাই কয় যে দেশত স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে। কোৰোণাৰ দ্বিতীয় ঢৌ আৰু প্ৰথম ঢৌৰ পিছত দেশৰ স্বাস্থ্য সেৱা শক্তিশালী হৈছে। আজি দেশত প্ৰায় 18.03 লাখ আইলোলেচন বিচনা সাজু হৈ আছে। ইয়াৰ উপৰিও 1.24 লাখ ICU বিচনা আছে। দেশত ৩.২৩৬টা অক্সিজেন পইণ্ট আছে। ক্ষমতা হৈছে 3,783 মেট্ৰিক টন। কেন্দ্ৰই ৰাজ্য চৰকাৰক ১.১৪ লাখ অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰদান কৰিছে। ১৫০ কোটি ভেকছিনৰ পালি দিয়া হৈছে। জনসংখ্যাৰ ৬৪ শতাংশই এটা পালি লাভ কৰিছে আৰু ৪৬ শতাংশ লোকে ভেকছিনৰ দুটা পালি লাভ কৰিছে। দেশখনত তীব্ৰ লকডাউন হোৱাৰ সম্ভাৱনা নাই। অৱশ্যে, কেইখনমান ৰাজ্যক বাদ দি, পৰিস্থিতি নিয়ন্ত্ৰণত আছে। লকডাউন পৰিহাৰ কৰিবলৈ, আমি চৰকাৰৰ নিৰ্দেশনা আৰু পৰামৰ্শবোৰ কঠোৰভাৱে অনুসৰণ কৰিব লাগিব। কোৰোণা প্ৰটোকল কঠোৰভাৱে অনুসৰণ কৰিব লাগিব।

কোৰোণাৰ তৃতীয় লহৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে অসম, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটকে ধৰি প্ৰায় কেইখন ৰাজ্যতে নিশা কাৰ্ফিউ জাৰি কৰা হৈছে। অসমত সমগ্ৰ ৰাজ্যত পঞ্চম শ্ৰেণীলৈ আৰু কামৰূপ মহানগৰত অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখা হৈছে।  ৫০ শতাংশ উপস্থিতিৰ সৈতে মধ্য প্ৰদেশৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত অন্যান্য নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উত্তৰ প্ৰদেশত অষ্টম শ্ৰেণীলৈকে বিদ্যালয় সমূহ বন্ধ কৰি দিয়া হৈছে। ৰাজহুৱা স্থান আৰু অনুষ্ঠানত ২০০ জন লোকক অনুমতি দিয়া হৈছে। দিল্লীত বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ আছে। চৰকাৰী কাৰ্যালয়ত ঘৰৰ পৰা কাম প্ৰদান কৰা হৈছে। দিল্লীত আনকি ব্যক্তিগত কাৰ্যালয় সমূহো বন্ধ ৰাখি ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে। গুজৰাটত বিদ্যালয় আৰু মহাবিদ্যালয় খোলা আছে কিন্তু ৰাজহুৱা স্থানত প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে। এই সকলোবোৰ ব্যৱস্থাই অমিক্ৰন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম লকডাউনলৈ লক্ষ্য কৰিলে দেখা যায়  লকডাউন হোৱাৰ সম্ভাৱনা কিমান? সংক্ৰমণৰ গতিলৈ লক্ষ্য কৰিলে কোৰোণাৰ ক্ষেত্ৰত আগতে কেতিয়াও এনে বৃদ্ধি হোৱা দেখা নাছিল। সেয়েহে যদি আপুনি প্ৰথমটো লকডাউন ফৰ্মুলা অনুসৰি যায় তেন্তে সেই হিচাপত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে লকডাউন আৰোপ কৰা উচিত আছিল। ই সংক্ৰমণৰ গতি নিয়ন্ত্ৰণ কৰিব। তৃতীয় ঢৌৰ সময়ত কোৰোনা সংক্ৰমণৰ ঘটনা ১৮ গুণ বৃদ্ধি পাইছে কিন্তু পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত আছে। চিকিৎসালয়লৈ ৰোগীৰ সোঁত কম হোৱাৰ বাবে চৰকাৰে সকাহ পাইছে। কিন্তু এই পৰ্যন্ত চৰকাৰে লকডাউনৰ চিন্তা কৰা নাই।
Published by:Manjumoni Borah
First published: