‘ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউব ত্যাগ কৰাৰ বিবেচনা কৰিছো’, প্ৰধানমন্ত্ৰী মোদীৰ টুইট

News18 Assam | News18-Assam
Updated:March 2, 2020, 9:38 PM IST
‘ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউব ত্যাগ কৰাৰ বিবেচনা কৰিছো’, প্ৰধানমন্ত্ৰী মোদীৰ টুইট
 উল্লেখ্য য, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ সন্মতিত ২০১৫বৰ্ষত তিনিখন আঁচনিৰ তথ্য প্ৰকাশ কৰিছিল। এই আঁচনি দেশবাসীৰ ঘৰত থকা প্ৰায় ২৫,০০০ টন সোণ, সংস্থানসমূহৰ জৰিয়তে ফিজিকেল গল্ড ৰখা আৰু আমদানি হ্ৰাস কৰাৰ বিকল্প চিন্তাৰ সৈতে সম্পৰ্কিত। ইয়াৰ জৰিয়তে বিনিয়োগ বৃদ্ধিৰ চৰ্চা কৰা হৈছিল।

ছচিয়েল মিডিয়া ত্যাগ কৰাক লৈ বিবেচনা কৰিছে প্ৰধানমন্ত্ৰীয়ে।

  • Share this:
সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি জনায় যে, তেওঁ ছচিয়েল মিডিয়া ত্যাগ কৰাক লৈ বিচাৰ বিবেচনা কৰিছে। মোদীয়ে লিখে যে, ‘এই দেওবাৰে মই নিজৰ ছচিয়েল মিডিয়া একাউণ্টছ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব এৰাক লৈ বিবেচনা কৰি আছো। আপোনালোকক এই বিষয়ে জনাম।



উল্লেখযোগ্য যে ছচিয়েল মিডিয়া প্লেটফ’ৰ্মত প্ৰধানমন্ত্ৰী মোদী যথেষ্ট সক্ৰিয় হৈ থাকে আৰু ২০১৪ত চৰকাৰ অহাৰ পিছৰে পৰা তেওঁ সম্পূৰ্ণ চৰকাৰ ছচিয়েল মিডিয়া প্লেটফ’ৰ্মলৈ অনাৰ জোৱাৰ তুলিছিল।

২০০৯চনৰ পৰাই নৰেন্দ্ৰ মোদী টুইটাৰত সক্ৰিয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময় পূৰ্বে আমেৰিকা ভ্ৰমণৰ সময়ত কৈছিল যে, তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ ছচিয়েল মিডিয়াৰ জৰিয়তে বানৰ সময়ত মানুহক দ্ৰুত গতিৰে সাহাৰ্য প্ৰদান কৰাইছিল।
Published by: Tulika Devi
First published: March 2, 2020, 9:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি