আজিৰে পৰা সলনি হৈছে দৈনন্দিন জীৱনৰ এই ১১বিধ সামগ্ৰী, লোকচান নহ’বলৈ জানি থওক

জানি লওক এই বিষয়ে।

News18
Updated:October 1, 2019, 12:13 PM IST
আজিৰে পৰা সলনি হৈছে দৈনন্দিন জীৱনৰ এই ১১বিধ সামগ্ৰী, লোকচান নহ’বলৈ জানি থওক
জানি লওক এই বিষয়ে।
News18
Updated: October 1, 2019, 12:13 PM IST
আজিৰে পৰা দেশজুৰি বহুকেইটা নতুন নিয়ম বলৱৎ হ’বলৈ গৈ আছে যাৰ পোণপটীয়া প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত পৰিব। অক্টোবৰত কেবাটাও বিত্তীয় পৰিৱৰ্তন হৈছে যাৰ প্ৰভাৱ আপোনাৰ পকেটত বাৰুকৈ পৰিব পাৰে।

১) ATM ৰ পৰা নগদ ধন উলিওৱাৰ ক্ষেত্ৰত এই পৰিৱৰ্তনঃATMৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰতো গ্ৰাহকৰ কাৰণে নিয়ম সলনি কৰা হৈছে। পূৰ্বৰ ছবাৰৰ সলনি ১অক্টোবৰৰ পৰা ১০বাৰ চহৰ এলেকাত টকা বিনামূলীয়াকৈ উলিয়াব পাৰিব। আন ঠাইত ১২বাৰ বিনামূলীয়াকৈ পাৰিব।

২) বহুবিধ সামগ্ৰীত GST হ্ৰাসঃ ৩৭ সংখ্যক GST কাউন্সিলৰ বৈঠকত কেবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হয়। এই বৈঠকত বহুকেইবিধ সামগ্ৰীৰ ওপৰত কৰৰ বোজা হ্ৰাস কৰা হৈছে। জিএছটি কাউন্সিলৰ বৈঠকত আটাইতকৈ সকাহ হোটেল ইণ্ডাষ্ট্ৰীয়ে পাইছে। এতিয়া ১০০০টকা ভাৰাৰ ৰূমত কৰ নাই, ৭৫০০টকালৈকে ভাৰাৰ ৰূমত মাত্ৰ ১২শতাংশ জিএছটি দিলেই হ’ল। জিএছটি কাউন্সিলে ১০ৰ পৰা ১৩ছীটলৈকে পেট্ৰ’ল–ডিজেলৰ বাহনত বিক্ৰীকৰ উঠাই লৈছে। জিপ (চেইন)ৰ ওপৰত জিএছটি ১২শতাংশ কৰিলে কাউন্সিলে।

৩) SBI–এ বিনামূলীয়াকৈ দিব এই সামগ্ৰীঃ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন মান্থলী এভাৰেজ বেলেন্সক লৈ হৈছে। এছবিআই–এ মাহেকত নূন্যতম ধন জমা নকৰাৰ ক্ষেত্ৰত যি চাৰ্জ লয় তাৰ পৰিমান ৮০শতাংশলৈ ক’ম হ’ব। চহৰত মিনিমাম বেলেন্স ৫০০০টকাৰ পৰা কমাই ৩০০০ টকা কৰি দিয়া হৈছে। নতুন নিয়মৰ কাৰণে যদিহে কোনো গ্ৰাহকে নিজৰ একাউণ্টত ৩০০০টকা মিনিমাম বেলেন্স ৰাখিব নোৱাৰে আৰু যদিহে তেওঁৰ টকাৰ পৰিমাণ হ্ৰাস পাই ১৫০০টকা হৈ পৰে তেনেহ’লে তেওঁৰ পৰা ১০টকা চাৰ্জ আৰু জিএছটি লোৱা হ’ব।

৪) OBCৰ পৰা ৰেপ’ ৰেট লিংকড ৰিটেল লোন ৮.৩৫শতাংশ হাৰত পাবঃঅৰিয়েণ্টেল বেংক অৱ কমাৰ্চে ৰেপ’ ৰেটৰ সৈতে লিংকড নতুন ৰিটেল তথা MSE লোন প্ৰডাক্ট প্ৰৱৰ্তন কৰিছে। এই লোন আজিৰে পৰা উপলব্ধ হ’ব। MSE আৰু ৰিটেল লোনৰ অধীনত OBC–এ দিয়া সকলো নতুন ফ্লটিং ৰেট লোন ৰেপ’ ৰেটৰ সৈতে সম্পৰ্কিত সুতৰ হাৰত পাব। এই নতুন প্ৰডাক্টছৰ ৰেপ’ ৰেটৰ সৈতে লিংকড হোম লোনৰ সুতৰ হাৰ ৮.৩৫শতাংশৰ পৰা আৰম্ভ হ’ব। আনহাতে MSEৰ কাৰণে লোৱা লোনৰ সুতৰ হাৰ ৮.৬৫শতাংশৰ পৰা আৰম্ভ হ’ব।

৫) পেট্ৰ’ল–ডিজেল ক্ৰয় কৰিলে নাপায় ০.৭৫শতাংশ কেশ্ববেকঃSBI ক্ৰেডিট কাৰ্ডৰ পৰা পেট্ৰ’ল–ডিজেল ক্ৰয় কৰিলে এতিয়া আপুনি ০.৭৫শতাংশ কেশ্ববেক নাপায়। SBI ক্ৰেডিট কাৰ্ডে নিজৰ গ্ৰাহকক মেচেজ পঠিয়াই কৈছে যে ১ অক্টোবৰৰ পৰা এই সেৱা বন্ধ কৰা হ’ব। আপোনাক জনাও যে, SBI  ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ইন্ধন ক্ৰয় কৰিলে আগতে গ্ৰাহকে ০.৭৫শতাংশ কেশ্ববেক পাইছিল কিন্তু HPCL, BPCL আৰু IOC–এ এই আঁচনি প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছে।

৬)ড্ৰাইভিং লাইচেঞ্চৰ নিয়ম সলনিঃসলনি হোৱা যান–বাহন নিয়মৰ লগতে আজিৰে পৰা আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ সলনি হৈছে। কেন্দ্ৰ চৰকাৰে ড্ৰাইভিং লাইচেঞ্চৰ নিয়মৰ সাল–সলনি কৰিবলৈ গৈ আছে। নতুন নিয়ম সম্পূৰ্ণ দেশত আজিৰে পৰা বলৱৎ হ’ব। ইয়াৰ পিছত আপুনি নিজৰ ড্ৰাইভিং লাইচেঞ্চ আপডেট কৰাব লাগিব। দৰাচলতে গাড়ীৰ আৰচিৰ সৈতে ড্ৰাইভিং লাইচেঞ্চ আইনগত ভাৱে জৰুৰী। এতিয়া দুয়োটাৰে ৰং আৰু ৰূপ সলনি হ’ব।

৭)কৰ্পৰেট কৰৰ কৰ্তনঃবিগত ২০ডিচেম্বৰত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰ্পৰেট কৰৰ বৃহৎ কৰ্তন ঘোষণা কৰি ৩০শতাংশ হ্ৰাস কৰি ২২শতাংশ কৰিছিল। ইয়াৰ পূৰ্বে ভাৰতীয় কোম্পানীয়ে ৩০শতাংশ কৰৰ বাহিৰে চাৰচাৰ্জ দিবলগীয়া হৈছিল। আনহাতে বিদেশী কোম্পানীয়ে ৪০শতাংশ কৰ দিয়াৰ লগতে চাৰচাৰ্জ দিবলগীয়া হৈছিল। আজিৰে পিছত চেটআপ কৰা মেনুফেকচাৰিং কোম্পানীৰ ওচৰত ১৫শতাংশ টেক্স দিয়াৰ বিকল্প থাকিব। ইয়াৰ বাহিৰে এই কোম্পানীসমূহে চাৰচাৰ্জ আৰু টেক্স সহ মুঠ পৰিমান ১৭.০১শতাংশ হৈ পৰিব।

৮) পেঞ্চন পলিচীৰ পৰিৱৰ্তনঃ মোদী চৰকাৰে কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে গ্ৰহণ কৰিছে এই ব্যৱস্থা। এই সিদ্ধান্ত মতে কোনো কৰ্মচাৰীয়ে যদি চাৰ্ভিছৰ ৭বছৰ সম্পূৰ্ণ কৰিছে আৰু তেওঁৰ অকাল মৃত্যু হৈছে তেনেহ’লে তেওঁৰ আত্মীয়সকলে পেঞ্চনৰ সুবিধা লাভ কৰিব। মোদী চৰকাৰে ইয়াৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিছে। আগতে এনে মৃত্যু হোৱা কৰ্মচাৰীৰ ৫০শতাংশ দৰমহাৰ হিচাপত পেঞ্চন দিয়া হৈছিল। কিন্তু এতিয়া ৭বছৰতকৈ কম সময়ৰ চাৰ্ভিছৰ ক্ষেত্ৰতো কৰ্মচাৰীৰ মৃত্যু হ’লে আত্মীয়ই বৰ্ধিত পেঞ্চন পাব।

৯) এইসমূহ সামগ্ৰীৰ জিএছটি বৃদ্ধিঃৰে’ল গাড়ীৰ ডবা আৰু ৱেগনৰ ওপৰত জিএছটি দৰ ৫শতাংশৰ পৰা বঢ়াই ১২শতাংশ কৰা হৈছে। পেয় পদাৰ্থৰ ওপৰত জিএছঠি বৰ্তমান ১৮শতাংশৰ পৰা বঢ়াই ২৮শতাংশ কৰা হৈছে আৰু অতিৰিক্ত ১২শতাংশ বিক্ৰীকৰ আৰোপ কৰা হৈছে।

১০) প্লাষ্টিক নিষিদ্ধঃ কাইলৈ অৰ্থাৎ ২ অক্টোবৰৰ পৰা চৰকাৰে প্লাষ্টিকৰ পৰা নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। দেশজুৰি প্লাষ্টিকেৰে নিৰ্মিত বেগ, কেপ আৰু ষ্ট্ৰ’ৰ ওপৰত চৰকাৰে বাধা আৰোপ কৰিবলৈ গৈ আছে। প্লাষ্টিকেৰে নিৰ্মিত ৬বিধ সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰিব মোদী চৰকাৰে। বৰ্ধিত প্ৰদূষণ হ্ৰাস কৰিবলৈ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত বহুতো নতুন ব্যৱসায়ৰ বাট মুকলি হ’ব।

১১) ফাণ্ডিঙৰ বিৰুদ্ধে শ্বেয়াৰ ট্ৰান্সফাৰত বাধাঃ ফাণ্ডিঙৰ বিৰুদ্ধে শ্বেয়াৰ ট্ৰান্সফাৰত বাধা দিবলৈ একাংশ প্ৰম’টাৰে নিজৰ ফাণ্ডিং এনবিএফচিৰ ওচৰত নিজৰ শ্বেয়াৰ তেওঁলোকৰ ডিমেটত দি ফাণ্ডিং লৈ লৈছিল। কিন্তু এতিয়া এয়া নচলিব। চেবিয়ে ফাণ্ডিঙৰ বিৰুদ্ধে শ্বেয়াৰ ট্ৰান্সফাৰত বাধা আৰোপ কৰিছে। আজিৰে পৰা এই নিয়ম বলৱৎ হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি