বিষয়াগৰাকী প্ৰায় ১৫ দিন ধৰি অহা নাছিল ঘৰটোলৈ। আৰু পিছত যেতিয়া ত্ৰিলোচন গৌড় ঘৰত উপস্থিত হয়, এখন চিঠি দেখি হতবাক হৈ পৰে।
বিষয়াগৰাকী প্ৰায় ১৫ দিন ধৰি অহা নাছিল ঘৰটোলৈ। আৰু পিছত যেতিয়া ত্ৰিলোচন গৌড় ঘৰত উপস্থিত হয়, এখন চিঠি দেখি হতবাক হৈ পৰে।
ছচিয়েল মিডিয়াত আজিকালি বিভিন্নধৰণৰ চিঠি ভাইৰেল হৈ থাকে। হয়তো তাৰে বেছিভাগ আপুনি নিশ্চয় পঢ়িবলৈও পাইছে। দৰাচলতে মধ্যপ্ৰদেশৰ এগৰাকী ডেপুটি কালেক্টৰৰ ঘৰত চোৰে লিখি থৈ যোৱা এখন চিঠিয়ে এতিয়া আমোদ দিছে সকলোকে। আচৰিত হৈ পৰিছে সকলো। বহুতে চিঠিখনক লৈ ছচিয়েল মিডিয়াত নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে।
১০ অক্টোবৰত এই চিঠিখন @Supriya23bh-এ নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছিল। তেওঁ কেপশ্যনত লিখিছিল যে, 'আচৰিত! মধ্যপ্ৰদেশৰ দেৱাচৰ ডেপুটি কালেক্টৰ ত্ৰিলোচন গৌড়ৰ ঘৰত চোৰৰ লোটপাত...চোৰে লিখি থৈ গ'ল এটা নোট।'
ৰিপৰ্ট অনুসৰি, চোৰটোৱে খাতেগাঁৱৰ এচ ডি এম ত্ৰিলোচন গৌড়ৰ চিভিল লাইনস্থিত চৰকাৰী বাংলোত লোটপাত চলাবলৈ চেষ্টা কৰিছিল। বিষয়াগৰাকী প্ৰায় ১৫ দিন ধৰি অহা নাছিল ঘৰটোলৈ। আৰু পিছত যেতিয়া ত্ৰিলোচন গৌড় ঘৰত উপস্থিত হয়, এখন চিঠি দেখি হতবাক হৈ পৰে। তেওঁৰ ঘৰত থকা কিছু আ-অলংকাৰ লুটি নিয়ে চোৰে। বৰ্তমান আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অনুসন্ধান চলাইছে।
দাবী কৰা হৈছে যে, এই চিঠিখন চোৰৰ দ্বাৰা লিখা হৈছে। চিঠিত লিখা হৈছে যে- যদি পইচা নাই, তেন্তে লক কৰিবই নালাগিছিল কালেক্টৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|