তেওঁলোকে শৰীৰৰ এনে ঠাইত মাৰিছিল, মই ক’বও নোৱাৰো, গাৰ্হস্থ্য হিংসাৰ অভিযোগেৰে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ বোৱাৰীয়ে ৰাজহুৱা কৰিলে ভিডিঅ’

ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপ লয়!

News18
Updated:September 21, 2019, 2:11 PM IST
তেওঁলোকে শৰীৰৰ এনে ঠাইত মাৰিছিল, মই ক’বও নোৱাৰো, গাৰ্হস্থ্য হিংসাৰ অভিযোগেৰে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ বোৱাৰীয়ে ৰাজহুৱা কৰিলে ভিডিঅ’
চিচিটিভিৰ ফুটেজৰ এটা দৃশ্য
News18
Updated: September 21, 2019, 2:11 PM IST
এটা শিহৰণকাৰী ভিডিঅ’। হায়দৰাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ বোৱাৰীয়ে মুকলি কৰা এই ভিডিঅ’ ৰাজহুৱা কৰি শহুৰ পৰিয়ালৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ আনিছে। এই চিচিটিভি ফুটেজটোত দেখা গৈছে এগৰাকী মহিলাক এজন পুৰুষ আৰু এহাল বয়োবৃদ্ধ লোকে কৰা আক্ৰমণৰ দৃশ্য। মানুহজনে মহিলাগৰাকীক মাৰিছে, ডিঙিত ধৰি চোফাত থেলি বহুৱাই দিছে, মজিয়াত চোঁচৰাই নিছে। ইয়াৰ মাজতে দুটি কণমানিয়ে নিজৰ মাতৃক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে।

এই গাৰ নোম শিয়ৰি উঠা দৃশ্য ৰাজহুৱা কৰি ৩০বছৰীয়া সিন্ধু শৰ্মাই যৌতুকজনিক অত্যাচাৰৰ বিস্ফোৰক কৰিছে শহুৰ পক্ষৰ বিৰুদ্ধে।
চাওক ভিডিঅঃ




ৰামমোহন ৰাও হৈছে হায়দৰাবাদ উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন জ্যেষ্ঠ ন্যায়াধীশ  আৰু ২০১৭চনৰ আগষ্ট মাহত তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত কৰ্মৰত অৱস্থাত অৱসৰ গ্ৰহণ কৰিছে। ২০১৬চনত তেওঁক হায়দৰাবাদ উচ্চ ন্যায়ালয়ৰ পৰা বদলি কৰা হৈছিল।

যোৱা এপ্ৰিল মাহত সিন্ধুৱে নিজৰ ঘৰৰ পৰা ওলাই গৈ এক অভিযোগ দাখিল কৰিছিল। তেওঁ নিজৰ ঘৰৰ সন্মুখতো প্ৰতিবাদ কৰিছিল। নিজৰ সন্তানদ্বয়ৰ জিম্মা বিচাৰিও তেওঁ ন্যায়ালয়ৰ কাষ চাপিছে।

যৌতুকজনিত দাবীৰ অভিযোগ এই চিচিটিভি ফুটেজৰ পিছত গতি লাভ কৰিছে।

মোৰ কাৰণে এয়া এক দুঃস্বপ্ন আছিল, মই কেতিয়াও নাপাহৰো। এই ভিডিঅ’বোৰ যোৱা এপ্ৰিল মাহৰ আৰু মই যেনেতেন ঘৰৰ পৰা ওলাই আহিবলৈ সক্ষম হ’লো। তেওঁলোকে মোক এনেকুৱা ঠাইত মাৰ–ধৰ কৰিছিল মই ক’বও নোৱাৰো।


মহিলাগৰাকীয়ে নিউজ18ক জনোৱা মতে শহুৰ, শাহু, স্বামী আৰু সন্তানকেইটি চিনেমা চাবলৈ তেওঁক এৰি থৈ গৈছিল। ঘৰলৈ উভতি আহি স্বামীয়ে তেওঁক মাৰ ধৰ কৰিবলৈ লয় কাৰণে তেওঁৰ কামত প্ৰম’চন নোহোৱাক লৈ হতাশাগ্ৰস্ত হৈ পৰিছিল।

মই নিজৰ কোঠাত শুই আছিলো আৰু তেনেকুৱাতে তেওঁ গৰজি আহি মোক আক্ৰমণ কৰে। তেওঁৰ চাকৰিত প্ৰম’চন নোহোৱাক লৈ তেওঁৰ খং উঠিছিল। তেওঁৰ প্ৰম’চন হোৱা নোহোৱাক লৈ মই কি কৰিম? মোৰ শাহুৱে তেওঁক উচতাই আছিল।


ইয়াৰ পিছৰ ঘটনা ভিডিঅ’ত দেখাৰ দৰে আছিল অতি নিৰ্মম। গোটেই পৰিয়ালটোৱে মিলি মহিলাগৰাকীক নিষ্ঠুৰভাৱে মাৰ পিট কৰে।

ভিডিঅ’ত দেখা সময়লানি এপ্ৰিল মাহৰ ২০ তাৰিখৰ ২৩.৩০ বজাৰ। বয়োবৃদ্ধ দম্পতি আৰু মানুহজনে মিলি মহিলাগৰাকীক একেলগে আক্ৰমণ কৰিছিল। পিছফালে সেই সময়ত টিভি চলি আছিল।

মূল দুৱাৰেদি মহিলাগৰাকীয়ে পলাবলৈ চেষ্টা কৰোতে স্বামীয়ে তেওঁক ধৰি পিছফালৰ পৰা প্ৰহাৰ কৰে।

যুঁজ–বাগৰৰ মাজত মহিলাগৰাকীয়ে মূল দ্বাৰৰ ফালে যাবলৈ লয়। তেওঁক আকৌ টানি চোফাত বহুৱাই দিয়া হয়। এই সময়ত এজন বৃদ্ধই তেওঁক (সম্ভৱতঃ শহুৰ) টানি আনি চোফাত থেলি জোৰকৈ ধৰি কিবা বুজাই থকাৰ চেষ্টা কৰা দেখা গৈছে।

আন এগৰাকী মহিলা যি বোৱাৰীগৰাকীক মূল গেটলৈ যাব নোৱাৰাকৈ ধৰি আছিল ঘৰৰ বনকৰা মহিলা বুলি ধৰা হৈছে।

মাতৃৰ ওপৰত কৰা এই অত্যাচাৰৰ সমগ্ৰ দৃশ্য পৰিয়ালটোৰ দুই আৰু চাৰি বছৰীয়া শিশুৱে আতংকিত হৈ প্ৰত্যক্ষ কৰি আছিল। কোনোবা এটা মুহূৰ্তত চাৰি বছৰীয়া শিশুটিয়ে মাকক ৰক্ষা কৰিবলৈও আগবাঢ়ি আহে কিন্তু পিতৃয়ে তেওঁক টান মাৰি নিয়ে।

প্ৰাক্তন ন্যায়াধীশ পৰিয়ালটোৰ এই ভয়ংকৰ কাণ্ডৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ যোৱা এপ্ৰিল মাহত ৪৯৮ এ আৰু ৩২৩ তথা ৪০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযোগ অনুসৰি পৰিয়ালটোহে নিজৰ বোৱাৰীগৰাকীক মাৰ ধৰ কৰাৰ লগতে চিকিত্‍সালয়ত অচেতন কৰিবলৈ দৰৱ খুৱাবলৈও লৈ গৈছিল। কিন্তু চিকিৎসক অমান্তি হৈছিল। শেহতীয়াকৈ মহিলাগৰাকীৰ স্বামীয়ে বিবাহ বিচ্ছেদৰ আৱেদন কৰিছে কিন্তু হায় ভাৰতীয় নাৰী! মহিলাগৰাকীয়ে স্বামীপৰিয়ালৰ অক্ষমণীয় অপৰাধ ক্ষমা কৰিবলৈও সাজু, সন্তানদুটিৰ স্বাৰ্থত!

মই তেওঁলোকক শাস্তি দিব খোজা নাই, কেৱল ন্যায় বিচাৰিছো। মই বিচ্ছেদ নিবিচাৰো কাৰণ সন্তানদুটিক মই দেউতাকৰ অ‍বিহনে ডাঙৰ হোৱাটো নিবিচাৰো।


চকুলো টুকি সিন্ধুৱে কয় নিউজ18ক।
আৰু চাওক পৰৱৰ্তী বাতৰি