১ জানুৱাৰী ২০২০ৰ পৰা হ’বলগীয়া ১০টা পৰিৱৰ্তন, পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ ওপৰত

News18 Assam | News18-Assam
Updated:December 27, 2019, 8:21 AM IST
১ জানুৱাৰী ২০২০ৰ পৰা হ’বলগীয়া ১০টা পৰিৱৰ্তন, পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ ওপৰত
এই বছৰটোত আধাৰ, এটিএম, বীমা আৰু ৰেছন কাৰ্ডসহ বহুকেইবিধ সামগ্ৰীৰ ক্ষেত্ৰত কাৰ্যকৰী হ’ব নতুন নিয়ম। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ পকেটত।

এই বছৰটোত আধাৰ, এটিএম, বীমা আৰু ৰেছন কাৰ্ডসহ বহুকেইবিধ সামগ্ৰীৰ ক্ষেত্ৰত কাৰ্যকৰী হ’ব নতুন নিয়ম। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ পকেটত।

  • Share this:
নতুন বছৰটোৱে আপোনাৰ জীৱনলৈ বহু বিত্তীয় সালসলনি লৈ আহি আছে। এই বছৰটোত আধাৰ, এটিএম, বীমা আৰু ৰেছন কাৰ্ডসহ বহুকেইবিধ সামগ্ৰীৰ ক্ষেত্ৰত কাৰ্যকৰী হ’ব নতুন নিয়ম। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ পকেটত। আহক জানো ১ জানুৱাৰী ২০২০ৰ পৰা দেশত কি কি সালসলনি হ’ব আৰু কি কি নতুন নিয়ম কাৰ্যকৰী হ’ব।

১. পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাটো প্ৰয়োজনীয় : ১ জানুৱাৰীৰ পৰা আটাইতকৈ ডাঙৰ সালসলনি পেন কাৰ্ডক লৈ কৰা হৈছে। ৩১ ডিচেম্বৰলৈ যদি আপোনাৰ পেন কাৰ্ড আধাৰৰ সৈতে লিংক নহয়, তেন্তে ১ জানুৱাৰীৰ পৰা আপোনাৰ পেন কাৰ্ডে কাম নকৰে। যদি আপোনাৰ পেন কাৰ্ড গ্ৰহণযোগ্য নহয় তেন্তে আপোনাৰ আয়কৰ, বিনিয়োগ বা ঋণ আদিৰে জড়িত বহু কাম কৰিব নোৱাৰিব। আধাৰৰ সৈতে কেনেকৈ লিংক কৰিব পেন কাৰ্ড? ইয়াত ক্লিক কৰক : ৩১ ডিচেম্বৰৰ আগত কৰক এই কাম, অন্যথা অচল হ’ব আপোনাৰ পেন কাৰ্ড!

২. বন্ধ হৈ যাব ডেবিট কাৰ্ড : ভাৰতীয় ষ্টেট বেংকে নিজৰ সকলো গ্ৰাহকক মেগনেটিক ষ্ট্ৰিপযুক্ত ডেবিট কাৰ্ডসমূহ ইএমভি চিপ আৰু পিন বেছড কাৰ্ডলৈ পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিছে। SBI–এ ইএমভি চিপ আৰু পিন বেছড ডেবিট কাৰ্ডৰ কাম অব্যাহত ৰাখিছে। বেংকে ডেবিট কাৰ্ড সলনিৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ ২০১৯ নিৰ্ধাৰণ কৰিছে। যদি এই কাম আপুনি নকৰে তেন্তে আপোনাৰ ডেবিট কাৰ্ড ব্লক হৈ যাব অৰ্থাৎ সেইখনেৰে আপোনো কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব। এ টি এমৰ পৰা ধন উলিয়াবও নোৱাৰিব। ইয়াৰ বাবে কি কৰিব লাগিব? ইয়াত ক্লিক কৰক : বন্ধ হৈ যাব আপোনাৰ SBI কাৰ্ড যদি নকৰে এই কাম!

৩. বন্ধ হ’ব ‘সবকা বিশ্বাস’ আঁচনি : ১ জানুৱাৰী ২০২০ৰ পৰা ‘সবকা বিশ্বাস স্কীম’ বন্ধ হ’ব। বিত্তীয় বৰ্ষ ২০১৯–২০ৰ সাধাৰণ বাজেটত সবকা বিশ্বাস আঁচনিৰ আৰম্ভ কৰা হৈছিল। বিত্ত মন্ত্ৰণালয়ে Indirect tax সম্বন্ধীয় বিবাদ নিষ্পত্তিৰ বাবে এই আঁচনি প্ৰণয়ন কৰিছিল। এই আঁচনিৰ সময়সীমা ৩১ ডিচেম্বৰ ২০১৯ত সমাপ্ত হ’ব।

৪. গহণা সম্বন্ধীয় নিয়মৰ সালসলনি : নতুন বছৰৰ পৰা সোণ কিনাৰ ক্ষেত্ৰত সলনি হ’ব পাৰে নিয়ম। চৰকাৰে নতুন বছৰৰ পৰা গহণাৰ হলমাৰ্কিং বাধ্যতামূলক কৰিব পাৰে। সমগ্ৰ দেশত নতুন নিয়ম ১৫ জানুৱাৰী ২০২১লৈ কাৰ্যকৰী হ’ব। এই নিয়ম কাৰ্যকৰী হোৱাৰ পিছত সকলো গহণা বিপণীৰ বাবে হলমাৰ্কিং বাধ্যতামূলক হ’ব। আপোনাৰ মনত নিশ্চয় প্ৰশ্নৰ উদয় হৈছে যে হলমাৰ্কিং কিয় প্ৰয়োজনীয়? আপোনাক জনাও যে হলমাৰ্ক হ’ল সোণৰ শুদ্ধতাৰ প্ৰমাণ। প্ৰায়ে বিপণীসমূহে ২২ কেৰেটৰ নামত ২১ বা ১৮ কেৰেটৰ সোণ বিক্ৰী কৰে। এই নিয়ম কাৰ্যকৰী হ’লে এই কাম কৰিব নোৱাৰিব।

৫. ছিনিয়ৰ চিটিজেন ছেভিং স্কীমৰ নিয়মত সালসলনি : ছিনিয়ৰ চিটিজেন ছেভিং স্কীম (SCSS)ৰ জৰিয়তে ৬০ বছৰত অৱসৰ লোৱা ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰে। এই একাউণ্ট ৫ বছৰত মেছিউৰ হয়। সেইবাবে এতিয়া ৫ বছৰৰ পূৰ্বে ধন উলিওৱা সম্ভৱ নহয়। উল্লেখযোগ্য যে SCSSত বেংকে FDতকৈ অধিক সুদ লাভ কৰে।

৬. বীমা পলিচী সম্বন্ধীয় নিয়মৰ সালসলনি : ১ ফেব্ৰুৱাৰী ২০২০ৰ পৰা জীৱন বীমা পলিচীৰ নিয়মৰ কিছু সালসলনি ঘটিব। IRDA–এ বীমা কোম্পানীসমূহক এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে। এয়া সালসলনি লিংকড, নন লিংকড জীৱন বীমা পলিচীৰ ক্ষেত্ৰত হ’ব। এয়া কাৰ্যকৰী হোৱাৰ পিছত প্ৰিমিয়াম বৃদ্ধি হ’ব আৰু গেৰাণ্টিড ৰিটাৰ্ণ কিছু কম হ’ব পাৰে।

৭. নতুন বছৰত ফাষ্টেগ প্ৰয়োজনীয় : ৰাষ্ট্ৰীয় ঘাইপথত ইলেকট্ৰনিকভাৱে টোল সংগ্ৰহৰ কাম আৰম্ভ হৈছে। ১৫ জানুৱাৰীৰ পৰা সকলো গাড়ীৰ বাবে প্ৰয়োজনীয় হ’ব ফাষ্টেগ। ঘাইপথত টোলগে’টেৰে পাৰ হোৱা সকলো বাহনত ফাষ্টেগ থকাটো প্ৰয়োজনীয় হ’ব। ফাষ্টেগ নাথাকিলে টোলগে’টেৰে পাৰ হ’বলৈ ভৰিব লাগিব দুগুণ ধন।

৮. আগন্তুক বছৰৰ ১ জুনৰ পৰা কাৰ্যকৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেছন কাৰ্ড : চৰকাৰে ৰেছন কাৰ্ডৰ ষ্টেণ্ডাৰ্ড ফৰ্মেট প্ৰস্তুত কৰিছে। এই আঁচনিৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ গ’লে প্ৰয়োজন নহ’ব নতুন ৰেছন কাৰ্ডৰ।

৯. বৃদ্ধি পাব এইসমূহ সামগ্ৰী : নতুন বছৰত AC, ফ্ৰীজৰ দাম ৬০০০ টকা বৃদ্ধি পাব। 5 ষ্টাৰ AC, ফ্ৰীজৰ দাম বৃদ্ধি পাব নতুন বছৰত। নতুন এনাৰ্জী লেভেলিং নৰ্মছ কাৰ্যকৰী হোৱাৰ বাবে বৃদ্ধি পাব দাম। এতিয়া AC আৰু ফ্ৰীজত কুলিংৰ বাবে ফ’মৰ সলনি ভেকুৱাম পেনেল ব্যৱহাৰ কৰা হ’ব।

১০. বৃদ্ধি পাব গাড়ীৰ দাম : ১ জানুৱাৰী ২০২০ৰ পৰা সকলো গাড়ীৰে দাম বৃদ্ধি পাব। সকলো অটো নিৰ্মাণকাৰী কোম্পানীয়ে বৃদ্ধি কৰিব দাম। মাৰুতী আৰু টাটা মটৰ্ছে ইতিমধ্যে এই কথা ঘোষণা কৰিছে। লগতে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰায়ো দাম বৃদ্ধিৰ কথা উল্লেখ কৰিছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি