মুখ্যপৃষ্ঠা »খবৰ »দেশ »New GST rates: আজিৰে পৰা বৃদ্ধি পাব অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম, কি কি সামগ্ৰীৰ দাম বাঢ়িব? চাওক তালিকা

New GST rates: আজিৰে পৰা বৃদ্ধি পাব অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম, কি কি সামগ্ৰীৰ দাম বাঢ়িব? চাওক তালিকা

কেইবাবিধো সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোহ কৰা হ’ব ৫ শতাংশ জিএছটি, যিটো পূৰ্বে আৰোপ কৰা হোৱা নাছিল।

কেইবাবিধো সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোহ কৰা হ’ব ৫ শতাংশ জিএছটি, যিটো পূৰ্বে আৰোপ কৰা হোৱা নাছিল।

কেইবাবিধো সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোহ কৰা হ’ব ৫ শতাংশ জিএছটি, যিটো পূৰ্বে আৰোপ কৰা হোৱা নাছিল।

  • Share this:
আজিৰে পৰা বৃদ্ধি পালে কেতবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পাব। কেইবাবিধো সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোহ কৰা হ’ব ৫ শতাংশ জিএছটি, যিটো পূৰ্বে আৰোপ কৰা হোৱা নাছিল। সেইবাবে আজিৰে পৰা বজাৰলৈ গ’লে খৰচ বাঢ়িব আপোনাৰ।

চাউল, ময়দা, আটা, মুৰিৰ দৰে পেকেটজাত সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোপ কৰা হৈছে জিএছটি। ইমানদিন কেৱল ব্ৰেণ্ডেড চাউলৰ পেকেটৰ ওপৰত জিএছটি লগোৱা হৈছিল। এতিয়াৰে পৰা ব্ৰেণ্ডেড হওক বা ব্ৰেণ্ডবিহীন হওক, চাউল, ময়দা, আটা আদি পেকেটজাত হ’লে লাগিব জিএছটি।

জিএছটি আৰোপ কৰিবলগীয়া সামগ্ৰীৰ ভিতৰত আছে দৈ, লাচি, বাটাৰমিল্কa। এইবোৰৰ ওপৰত ৫ শতাংশ জিএছটি আৰোপ কৰা হ’ব। পনীৰৰ ওপৰতো সিমান হাৰতে আৰোপ কৰা হ’ব জিএছটি। সকলো ধৰণৰ পেকেটজাত গুৰৰ ওপৰতো লাগিব ৫ শতাংশ জিএছটি।

প্ৰাকৃতিক মৌ, পেকেটজাত মুৰি, চিৰা, আখৈ, ওটছ, চাউলৰ গুৰি কিনিবলৈ গ’লে আজিৰে পৰা ভৰিব লাগিব ৫ শতাংশ জিএছটি।

শেহতীয়া বাতৰি