হাৰিয়ানাত দুষ্যন্ত চৌতালা নহয়, এতিয়া এই ৮ বিধায়কৰ হাতত চৰকাৰৰ ছাবি–কাঠি, চৰকাৰ গঠনৰ দিশে বিজেপি!

ইতিমধ্যে হাৰিয়ানা লোকহিত পাৰ্টীৰ মুৰব্বী গোপাল কাণ্ডাই সমৰ্থন আগবঢ়াইছে বিজেপিলৈ। গতিকে আৰু মাত্ৰ ৫জন বিধায়কৰ প্ৰয়োজন বিজেপিক।

Sanjay Kumar Das | News18-Assam
Updated:October 25, 2019, 11:51 AM IST
হাৰিয়ানাত দুষ্যন্ত চৌতালা নহয়, এতিয়া এই ৮ বিধায়কৰ হাতত চৰকাৰৰ ছাবি–কাঠি, চৰকাৰ গঠনৰ দিশে বিজেপি!
ইতিমধ্যে হাৰিয়ানা লোকহিত পাৰ্টীৰ মুৰব্বী গোপাল কাণ্ডাই সমৰ্থন আগবঢ়াইছে বিজেপিলৈ। গতিকে আৰু মাত্ৰ ৫জন বিধায়কৰ প্ৰয়োজন বিজেপিক।
Sanjay Kumar Das | News18-Assam
Updated: October 25, 2019, 11:51 AM IST
হাৰিয়ানা বিধানসভা নিৰ্বাচনত কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল। সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নোহোৱাৰ পিছতো চৰকাৰ গঠনৰ দাবী কৰিছে বিজেপিয়ে। ৰাজ্যখনত চৰকাৰ গঠনৰ ক্ষেত্ৰত অত্যন্ত আত্মবিশ্বাসী দলৰ অধ্যক্ষ অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ৰাজ্যখনত জয়ী হৈছে ৭গৰাকী নিৰ্দলীয় প্ৰাৰ্থী। এই নিৰ্দলীয় বিধায়কসকলক নিজৰ হাতলৈ আনিবলৈ চেষ্টা চলাইছে বিজেপিয়ে। আটাইকেইগৰাকী নিৰ্দলীয় বিধায়ককে ফোনযোগে চৰকাৰত পদ আৰু সন্মান দিয়াৰ প্ৰতিশ্ৰুতিৰে সৈমান কৰোৱা হৈছে বুলি খবৰ ওলাইছে। আটাইকেইগৰাকীকে মতা হৈছে দিল্লীলৈ।

৯০খন আসনযুক্ত হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰে ৪০ খন আসন। তাৰ বিপৰীতে, কংগ্ৰেছে ৩১খন, JJP–এ ১০খন, নিৰ্দলীয়ই ৭খন, INLD–এ এখন আৰু HLP–এ এখন আসন লাভ কৰে। সেই অনুসৰি বিজেপিক মেজিক নাম্বাৰৰ বাবে প্ৰয়োজন আৰু মাত্ৰ ৬খন আসনৰ। আনহাতে, কংগ্ৰেছক প্ৰয়োজন ১৫খন আসনৰ।



ইতিমধ্যে হাৰিয়ানা লোকহিত পাৰ্টীৰ মুৰব্বী গোপাল কাণ্ডাই সমৰ্থন আগবঢ়াইছে বিজেপিলৈ। গতিকে আৰু মাত্ৰ ৫জন বিধায়কৰ প্ৰয়োজন বিজেপিক। ৭গৰাকী নিৰ্দলীয় বিধায়কৰ ভিতৰত ৫জনে সমৰ্থন আগবঢ়ালে ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত। যিহেতু এই ৭গৰাকী প্ৰাৰ্থীয়ে নিজৰ চৰ্ততহে বিজেপিক সমৰ্থন কৰিব পাৰে, গতিকে বিজেপিৰ কেইবাগৰাকীও নেতাৰ মন্ত্ৰী হোৱাৰ সপোন হয়তো আধৰুৱা হৈ ৰ’ব।

বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হোৱা বিধায়কসকলৰ ভিতৰত আছে পুণ্ডৰীৰ ৰণধীৰ সিং গোলেন, যিগৰাকী বিজেপিৰ পূৰ্বৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। দাদৰীৰ পৰা সোমবীৰ, মহমৰ পৰা বলৰাজ কুণ্ডু, নীলোখেৰীৰ পৰা ধৰ্মপাল আৰু পৃথলাৰ পৰা নয়নপাল ৰাৱটো জয়ী হৈছে নিৰ্দলীয় হিচাপে। এই আটাইকেইগৰাকীয়ে বিজেপিৰ টিকট বিতৰণত নিৰাশ হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্দলীয়ৰূপে থিয় দিছিল। গুৰুগ্ৰামৰ বাদশ্বাহপুৰৰ সমষ্টিত ৰাকেশ দৌলতাবাদ আৰু ৰাণিয়াত ৰঞ্জিত সিঙো জয়ী হৈছে নিৰ্দলীয় হিচাপে।

ইফালে, ৰাজ্যখনত জননায়ক জনতা পাৰ্টী এইবাৰ কিংমেকাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে। ১০খন আসন লাভ কৰা দলটোৰ নেতা দুষ্যন্ত চৌতালাই চৰকাৰ গঠনৰ বাবে কাক সমৰ্থন কৰিব তাক লৈ এতিয়াও মুখ খোলা নাই। চৌতালাই কয় যে এতিয়াই এই বিষয়ে কোৱাটো অতি খৰখেদা হ’ব। প্ৰথমে আমি নিজৰ বিধায়কসকলৰ বৈঠক অনুষ্ঠিত কৰিম আৰু সদনত আমাৰ নেতা কোন হ’ব তাক লৈ আলোচনা কৰিম। তাৰ পিছতহে বাকী কথা চিন্তা কৰিম।

হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ গঠনৰ সম্ভাৱনা এইকাৰণেই ক্ষীণ, কাৰণ এতিয়া JJP দলে কংগ্ৰেছক সমৰ্থন আগবঢ়ালেও স্পৰ্শ কৰিব নোৱাৰে মেজিক নম্বৰ। JJPৰ সৈতে মিলি কংগ্ৰেছৰ আসন হ’ব ৪১খন। INLDৰ একমাত্ৰ বিধায়কজন আহিলে হ’ব ৪২খন। গতিকে, নিৰ্দলীয় বিধায়কৰ সমৰ্থন অবিহনে গত্যন্তৰ নাই কংগ্ৰেছৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি